নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ কুখ্যাত জেহাদী গোষ্ঠী এবিটিৰ মডিউলৰ সৈতে জড়িত থকাৰ সন্দেহত তিনি ব্য্যক্তিক আটক

  • সংবাদমেল যোগে জনালে ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: যোৱাকালি গভীৰ নিশাৰ পৰা আজি পুৱতি নিশালৈকে চলা এক অভিযানত বাংলাদেশৰ দুৰ্ধৰ্ষ জেহাদী গোষ্ঠী আনছাৰুল বাংলা টিম চমুকৈ এবিটিৰ মডিউল সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তিনিগৰাকী ব্যক্তিক কৰায়ত্ব কৰিছে। আজি বিয়লি নিজ কাৰ্য্যালয় কক্ষত এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে। ধৃত ত্ৰয়ী ধুবুৰী চহৰৰ পাৰ্শ্ববৰ্তী বগুলামাৰীৰ বাসিন্দা ছফিকুল ইছলাম (২৫), সস্তাৰঘাট দ্বিতীয় খণ্ডৰ মোজাহিদুল মণ্ডল (২১) আৰু টাকীমাৰীৰ বাদশা শেখ। জানিব পৰা মতে, ৰাজ্যত পূৰ্বে আৰক্ষীৰ জালত পৰা এবিটি সদস্যৰ সৈতে ধৃত তিনিওৰে ধনৰ লেনদেন চলাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। এবিটিৰ ধুবুৰী মডিউলৰ সদস্য বুলি সন্দেহ কৰাৰ সমান্তৰালকৈ তিনিও বাংলাদেশী জেহাদী গোষ্ঠীটোত নতুন সদস্য ভৰ্তি কৰাৰ তৎপৰতা আৰম্ভ কৰিছিল বুলিও সন্দেহ আৰক্ষীৰ। আনকি পশ্চিমবংগ, উত্তৰপ্ৰদেশ আদিকে ধৰি কেইবাখনো বহিঃ ৰাজ্যৰ সৈতে ত্ৰয়ীৰ সংযোগ থকা বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, তিনিওৰে পৰা কিছু ইলেকট্ৰ’নিক সঁজুলিও জব্দ কৰিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ খাতিৰত বৰ্তমানলৈ আৰক্ষীয়ে সবিশেষ জনোৱাৰ পৰা বিৰত আছে। উল্লেখ্য যে, ধৃত ছফিকুল ইছলাম ধুবুৰী জিলাৰ পাণবাৰীৰ এখন মাদ্ৰাছৰ সৈতে জড়িত আছিল। ইয়াতে উল্লেখনীয় এয়াও যে, এবিটিৰ সৈতে সম্পৰ্ক আছে বিশ্বৰ কুখ্যাত জেহাদী গোষ্ঠী “আল কায়দা”ৰ শাখা “আল কায়দা ইন ইণ্ডিয়ান চাবকন্টিনেন্ট”ৰ সৈতেও।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,

You might also like