ডিব্ৰুগড় কাৰাগাৰত অমৃতপাল সিঙক জেৰা আই বিৰ
বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ দেশ কপাঁই যোৱা তথা পঞ্জাৱ আৰক্ষীৰ মুৰৰ কামোৰণি স্বৃষ্টি কৰা ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বীক আজি বহু সময় ধৰি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই জেৰা কৰে।উচ্চ নিৰাপত্তাসম্পন্নৰে এক অভেদ্য দূৰ্গলৈ পৰিণত হোৱা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আজি ইণ্টেলিঞ্জেচ ব্যুৰোৱে(আই বি) ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃতপল সিঙক কেইবাঘণ্টা ধৰি জেৰা কৰে বুলি উচ্চ পদস্থ সূত্ৰই প্ৰকাশ কৰিছে।সূত্ৰ অনুসৰি ইন্টেলিঞ্জেচ ব্যুৰো দিল্লীৰ মুখ্য কাৰ্যালয়ৰ ৫ জনীয়া এটা দলে পুৱা প্ৰায় ৯.১৫ বজাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ অমৃতপল সিঙক জেৰা কৰে।অবশ্যে জেৰাৰ সময়ত আই বিয়ে কি কি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে,সেয়া জানিব পৰা হোৱা নাই।উল্লেখ্য যে যোৱা ২৩ এপ্ৰিলত পঞ্জাৱৰ বায়ুসেনা ঘাটি বাথিন্দ্ৰাৰ পৰা ডিব্ৰুগড় কাৰাগাৰলৈ এক বিশেষ বিমানেৰে লৈ অনা হৈছিল।ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বীগৰাকীক প্ৰধানকৈ আভ্যন্তৰীণ নিৰাপত্তা আৰু অমৃতপলৰ সংগঠনৰ সামগ্ৰিক গতি-বিধিৰ ওপৰত চোৰাংচোৱা সংস্থাটোৱে কেইবা ঘণ্টা ধৰি জেৰা কৰাৰ বিষয়ে জানিব পৰা গৈছে। সূত্ৰৰ পৰা আৰু জানিব পৰা মতে,আজি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাটোৰ সমান্তৰালকৈ ডিব্ৰুগড়ত বাহৰ পাতি থকা পঞ্জাৱ আৰক্ষীৰ এটা দলে কাৰাগাৰৰ ভিতৰত উগ্ৰ খালিস্তানী সমৰ্থক অমৃতপল সিং সান্ধুক বহু সময় জেৰা কৰে।উল্লেখ্য যে অমৃতসৰ আৰক্ষী অধীক্ষক জুগ্ৰাজ সিঙৰ(গ্ৰাম্য)নেতৃত্বত পঞ্জাৱ আৰক্ষীৰ এটা দলে অমৃতপল সিঙক ডিব্ৰুগড় কাৰাগাৰলৈ লৈ অহাৰ পাছৰে পৰা ডিব্ৰুগড় আৰ্বত ভৱনত বাহৰ পাতি আছে।ইয়াতে উল্লেখ কৰি থোৱা ভাল যে যোৱা ২৩ ফেব্ৰুৱাৰীত অমৃতপল সিং আৰু তেওঁৰ সমৰ্থকসকলে অমৃতপালৰ সহায়ক লাভপ্ৰীত সিঙৰ মুক্তি বিচাৰি আজনালা থানাত একপ্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়ত উক্ত কাণ্ডত আহত হোৱা ছয়জন পঞ্জাৱ আৰক্ষীৰ জোৱানৰ ভিতৰত এজন প্ৰাক্তন ৰাষ্ট্ৰীয় হকী খেলুৱৈ জুগ্ৰাজ সিং আছিল।সূত্ৰ অনুসৰি ডিব্ৰুগড় কাৰাগাৰৰ ভিতৰত খালিস্তানপণ্ঠী নেতাজনক ৰিচাৰ্চ এণ্ড এনালাইছিছ উইং (আৰ ডব্লিউ) আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ দৰে অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহেও জেৰা কৰাৰ সম্ভাৱনা আছে।অমৃতপল সিঙক ডিব্ৰুগড় কাৰাগাৰত এক সুকীয়া কোঠাত ৰখা হৈছে।সূত্ৰৰ পৰা জানিব পৰা মতে, অমৃতপল সিঙক তেওঁৰ কোঠাৰ ভিতৰত কেৱল জেলৰ কৰ্মচাৰীয়েহে খাদ্য প্ৰদান কৰিছে।তেওঁৰ স্বাস্থ্যৰ ওপৰতো কাৰাগাৰৰ চিকিৎসকে নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে।আনহাতে অমৃতপল সিঙৰ দলজীত সিং কালসী, পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, ৱৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং (অমৃতপল সিঙৰ ককাক), ভগৱন্ত সিং ওৰফে প্ৰধান মন্ত্ৰী বাজেকে, বসন্ত সিং আৰু গুৰিন্দৰ সিং আউজলাকে ধৰি ৯ গৰাকী ঘনিষ্ঠ সহযোগীও ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আৱদ্ধ হৈ আছে ডিব্ৰুগড় কাৰাগাৰত।১৮৫৯ চনত নিৰ্মিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন উত্তৰ-পূবৰ আটাইতকৈ পুৰণি কাৰাগাৰ য’ত ৬৮০ জন কয়দী থাকিব পাৰে। বৰ্তমান কাৰাগাৰত ৩৩০ জনতকৈও কম কয়দী ভৰ্তি হৈ আছে। ইফালে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ দুৰ্ধষ তথা পাঞ্জাব আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা অমৃতপাল সিংক অনাৰ পাছত পুণৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভাবুকি আৰু খালিস্তানী জিন্দাবাদ ধ্বনি দিয়া শোংকাৰ পাছতে ব্যাপক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদৰ বাহিৰত যান-বাহন ৰখোৱাত নিশেধাজ্ঞা উপৰিও পূৰ্বৰ তুলনাত চৌহদত আৰু প্ৰবেশ দ্বাৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। ২৪ ঘণ্টাই কাৰাগাৰৰ খনত সৰ্ব্বোচ্চ উচ্চ নিৰাপত্তা যুক্ত কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছে।অসম আৰক্ষী জোৱানৰ লগতে অসম আৰক্ষী ব্লেক পেন্হাৰ কমাণ্ডো,চি আৰ পি এফ ৰ জোৱানৰ জৰিয়তে।কয়দী আৰু দৰ্শনাৰ্থীৰ ওপৰত তীক্ষ্ণ দৃষ্টিৰ লগতে ৬৯ টা চিচি টিভি কেমেৰা সংস্থাপন কৰা হৈছে।অহা ২৭ এপ্ৰিলত দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হ’বহি পঞ্জাৱৰ শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক সমিতিৰ ৩ জনীয়া আইনী পৰামৰ্শদাতাৰ এটা দল।ইয়াৰ পূৰ্বে যোৱা ১০ এপ্ৰিলত ডিব্ৰুগড় কাৰাগাৰত অধিবক্তা ভগৱন্ত সিং ছিয়ালকা, মনদ্বীপ সিদ্ধু আৰু ৰোহিত শৰ্মাৰে গঠিত দলটোৱে ডিব্ৰুগড় কাৰাগাৰত ৱাৰিছ পঞ্জাৱ দেৰ সদস্যসকলক সাক্ষাৎ কৰিছিল।
প্ৰেৰক বিভাস দুৱৰা