নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুণোৎসৱ ২০২৩ৰ শীৰ্ষত শিৱসাগৰ : এ প্লাছ পোৱা বিদ্যালয়লৈ চৰকাৰৰ ২০ হাজাৰকৈ টকা

বিশেষ বাৰ্তা, ২৫ এপ্রিলঃ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে চলিত বর্ষৰ ১৮ জানুৱাৰীৰ পৰা ১৮ ফেব্রুৱাৰীলৈ তিনিটা পর্যায়ত ৰাজ্যত অনুষ্ঠিত গুণোৎসৱৰ ফলাফল ঘোষণা কৰে৷ এই ফলাফল অনুসৰি ৰাজ্যৰ ৪৪,৫৩১খন বিদ্যালয়ে গুণোৎসৱত অংশগ্রহণ কৰে৷ এই গুণোৎসৱত অংশগ্রহণ কৰা ছাত্র–ছাত্রীৰ সংখ্যা ৪১,৩৫,১৪৩জন৷ এইবাৰ গুণোৎসৱত যোৱাবাৰৰ দৰে শিৱসাগৰ জিলাই প্রথম স্থান লাভ কৰে৷ দ্বিতীয় স্থানত লাভ কৰে চৰাইদেউ জিলাই আৰু তৃতীয় স্থান লাভ কৰিছে গোলাঘাট জিলাই৷ ফলাফল অনুসৰি এই বছৰ ৰাজ্যখনত ১১,৮৮৬খনে +, ১৯,১৭২খনে এ, ৭,৭১০খনে বি, ১,৯৭২খনে চি আৰু ৭৬৭খনে ডি গ্রেড লাভ কৰে৷ ৰাজ্যখনৰ ভিতৰতে শিৱসাগৰ জিলাই প্রথমস্থান লাভ কৰিছে৷ জিলাখনৰ ১,১১৩খন বিদ্যালয়ৰ ভিতৰত ৮০০খনে +, ২৮৮খনে এ, ২০খনে বি, তিনিখনে চি আৰু দুখনে ডি গ্রেড লাভ কৰিছে৷ সেইদৰে দ্বিতীয় স্থান লাভ কৰা চৰাইদেউ জিলাৰ ৭০৮খন বিদ্যালয়ৰ ভিতৰত ৩৭৭খনে +, ২৭৬খনে এ, ৪৭খনে বি, ৭খনে চি আৰু এখনে ডি গ্রেড লাভ কৰিছে৷ তৃতীয় স্থান দখল কৰা গোলাঘাট জিলাৰ ১,৩৭৫খন বিদ্যালয়ৰ ভিতৰত ৬৭৭খনে +, ৫৯২খনে এ, ৯০খনে বি, ১৪খনে চি আৰু দুখনে ডি গ্রেড লাভ কৰিছে৷ আনহাতে পশ্চিম কার্বি আংলং জিলা, কার্বি আংলং জিলা আৰু চিৰাং জিলাই পূর্বৰ দৰে এইবাৰো গুণোৎসৱত আটাইতকৈ বেছি বেয়া ফলাফল প্রদর্শন কৰিছে৷ এই বছৰো + গ্রেড লাভ কৰা প্রতিখন বিদ্যালয়লৈ চৰকাৰৰ তৰফৰ পৰা ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়াব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই ধন যাতে উন্নত কামত ব্যয় হয়, তাৰ বাবে চৰকাৰে এইবাৰ গাইডলাইন এখনো প্রকাশ কৰিব৷ গুণোৎসৱৰ ফলাফল প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত শৈক্ষিক প্রণালীৱদ্ধতা অধ্যয়নৰ বাবে ২০১৭ চনত অসম চৰকাৰে প্রথম গুণোৎসৱৰ আয়োজন কৰে৷ প্রথম শ্রেণীৰ পৰা নৱম শ্রেণীলৈ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি আৰু ছাত্র–ছাত্রীৰ শৈক্ষিক দিশ মূল্যায়নৰ বাবে আৰম্ভ কৰা এই গুণোৎসৱ এতিয়া শৈক্ষিক একাডেমীৰ অংশত পৰিণত হৈছে৷ ক’ভিড পৰিস্থিতিৰ দুটা বছৰক বাদ দি প্রতিবছৰে গুণোৎসৱ অনুষ্ঠিত হৈ আহিছে৷ এটা সময়ত বিদ্যালয় প্রাদেশিকীকৰণৰ বাবেই হওক বা মধ্যাহ্ণ ভোজনৰ বাবেই হওক, বিদ্যালয়সমূহত ভুৱা ছাত্র–ছাত্রী দেখুওৱাৰ এক পৰম্পৰা চলি আহিছে৷ কিন্তু গুণোৎসৱ আৰম্ভ হোৱাৰ পাছত তেনে ভুৱা ছাত্র–ছাত্রী নোহোৱা হৈ আহিছে৷ এতিয়া প্রতিগৰাকী ছাত্র–ছাত্রীৰ নাম, পিতৃ–মাতৃৰ নাম শিক্ষা বিভাগত ডিজিটেলী উপলব্ধ৷ গুণোৎসৱৰ বিৰোধিতা কৰি এচামে চলাই অহা প্রৰোচনাৰ পাছতো ৰাজ্যৰ মুখ্যসচিবৰ পৰা আৰম্ভ কৰি প্রাথমিক বিদ্যালয়ৰ শিক্ষক আনকি চতুর্থ বর্গৰ কর্মচাৰীয়েও এই গুণোৎসৱত ১০০ শতাংশ অংশগ্রহণ কৰি আহিছে৷ গুণোৎসৱ অনুষ্ঠিত কৰাৰ ফলত চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফলো ভাললৈ অহাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়া শিৱসাগৰ জিলাত চৰকাৰী বিদ্যালয়ত নামভর্তিৰ বাবে ভিৰ হোৱা পৰিলক্ষিত হৈছে৷ সম্প্রতি গুণোৎসৱৰ পাছত দেখা গৈছে + আৰু এ গ্রেড পোৱা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে চি আৰু ডি গ্রেডৰ সংখ্যা ক্রমাৎ কমি আহিছে৷ এয়া গুণোৎসৱৰ গুৰুত্বপূর্ণ দিশ৷ সমাজৰ শান্তি–শৃংখলাৰ পৰিৱেশ এটাই কেৱল অর্থনৈতিক উন্নয়নতেই নহয়, শৈক্ষিক দিশতো প্রভাৱ পেলায় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে যোৱা সময়ছোৱাত দিয়া শিক্ষক নিযুক্তি আৰু বিদ্যালয় সংলগ্ণকৰণৰ ইতিবাচক প্রভাৱ এই গুণোৎসৱত পৰা পৰিলক্ষিত হৈছে৷ অহা বছৰৰ পৰা বিদ্যালয়ৰ ইউনিফর্মকো গুণোৎসৱৰ সময়ত মূল্যায়ন কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বহু সময়ত বহু বিদ্যালয়ে গুণগত মানসম্পন্ন ইউনিফর্ম ছাত্র–ছাত্রীক যোগান নধৰে৷ ইউনিফর্মৰ লগত জড়িত গুণগত পার্থক্য দূৰ কৰিব লাগিব৷ তাৰ বাবে অহা বছৰৰ পৰা মধ্যাহ্ণ ভোজনৰ দৰে ইউনিফর্মো গুণোৎসৱৰ সময়ত মূল্যায়ন কৰা হ’ব৷ সেইদৰে এতিয়াৰে পৰা ছাত্র–ছাত্রীসকলৰ বছৰেকীয়া পৰীক্ষাত গুণোৎসৱৰ ১০ শতাংশ নম্বৰ যোগ হ’ব৷ আনহাতে কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু চিৰাং জিলাত প্রতিবছৰে গুণোৎসৱত শোচনী ফলাফল হৈ অহাত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উক্ত জিলাকেইখনত শিক্ষা বিভাগৰ দল গৈ কি কাৰণত প্রতি বছৰে শোচনীয় ফলাফল প্রদর্শন হৈ আহিছে, সেই সম্পর্কত সূক্ষ্মভাৱে পর্যালোচনা কৰিব লাগিব৷ ষষ্ঠ অনুসূচীৰ অধীনস্থ সেই জিলাকেইখনত ৰাজনৈতিক আৰু শিক্ষা বিভাগ পর্যায়তো আলোচনা কৰিবলৈ তেওঁ পৰামর্শ আগবঢ়ায়৷ সেইদৰে চি আৰু ডি গ্রেড লাভ কৰা বিদ্যালয়সমূহত শিক্ষকৰ অভাৱকে ধৰি কি কি সমস্যাৰ বাবে তেনে ফলাফল হৈ আহিছে, সেয়াও বিভাগক পর্যালোচনা কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ অহা তিনি বছৰৰ ভিতৰত চি আৰু ডি গ্রেড বিদ্যালয় নথকাতো নিশ্চিত কৰাৰ বাবে বিভাগক প্রয়োজনীয় ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১০ মে’ত প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ত ৬হাজাৰ শিক্ষক নিযুক্তি দিয়া হ’ব৷ সেয়ে শিক্ষকৰ অভাৱৰ বাবেই সেই বিদ্যালয়সমূহত তেনে ফলাফল হৈছে নেকি সেয়া পর্যালোচনা কৰাৰ প্রয়োজনীয়তা আছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ ফলাফল ঘোষণা অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্তও উপস্থিতি থাকে।

You might also like