নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল : আজি পুৱা মাকুমৰ চোট হাপজানৰ সমীপৰ উৰণীয়া সেতুৰ কাষত উদ্ধাৰ হল আই ই ডি। ঘটনাৰ বিৱৰণী মতে ভাৰতীয় সেনা বাহিনীয়ে প্ৰতিদিনে টহল দিয়াৰ দৰে আজিও পুৱা প্ৰায় দহ বজাত মাকুমত টহল দি উৰণীয়া সেতুৰ কাষত পলিথিন বেগ এটা দেখি সন্দেহ জন্মাত বেগটো চাওঁতেই বিস্ফোৰক আই ই ডি দেখি ততালিকে আৰক্ষী আৰু বোমা বিশেষজ্ঞক খবৰ দিয়ে। ঘটনাস্থলীত তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌতমসহ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ সেনাৰ সহযোগত উদ্ধাৰ হোৱা বোমাটো নিষ্ক্ৰিয় কৰে। সাম্প্ৰতিক মাকুমত বোমা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাকুমৰ উৰণীয়া সেতুখন উৰুৱাই দিয়াৰ ভয়াবহ পৰিকল্পনা কোনে সংঘটিত কৰিবলৈ লৈছে তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাকুমত বিস্ফোৰক সামগ্ৰী কোনো দুস্কৃতিকাৰী নে উগ্ৰপন্থী সংগঠনে কূটাঘাত কৰিবলৈ পৰিকল্পনা কৰিছে তাক লৈ সৰ্বত্ৰ ব্যাপক আলোচিত হৈছে ।
প্ৰেৰক অখিল চন্দ্ৰ বৰুৱা