নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৫১ চনক ভিত্তি কৰি সকলো মুছলমানৰ ডিএনএ পৰীক্ষা কৰাৰ দাবী টোগাড়িয়াৰ

বিশেষ বাৰ্তা, ২৭ এপ্রিলঃ বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে ভাৰতে চীনক অতিক্রম কৰাৰ সময়তে দেশৰ জনবিস্ফোৰণৰ মূল কাৰণ বুলি মুছলমান সম্প্রদায়ক জগৰীয়া কৰিলে আন্তঃৰাষ্ট্রীয় হিন্দু পৰিষদৰ মুৰব্বী প্রবীণ ভাই টোগাড়িয়াই৷ গুৱাহাটীত উপস্থিত হোৱা টোগাড়িয়াই সংবাদ মেল সম্বোধন কৰি এই অভিযোগ কৰে যে হিন্দুৰ তুলনাত ক্রমাৎ বৃদ্ধি হৈছে মুছলমানৰ সংখ্যা৷ কার্যতঃ মুছলমানৰ জনবিস্ফোৰণৰ বাবে ভাৰতত জনসংখ্যা বৃদ্ধি হৈছে৷ টোগাড়িয়াৰ মন্তব্য– বর্তমান দেশত হিন্দু সম্প্রদায়ৰ জনসংখ্যা বৃদ্ধি নেতিবাচক৷ দেশৰ মুঠ জনসংখ্যাৰ হিন্দুৰ শতাংশ ক্রমাৎ হ্রাস পাবলৈ লৈছে৷ গতিকে ভাৰতৰ জনসংখ্যা বৃদ্ধিত হিন্দুৰ কোনো অৱদান নাই৷ পৰিসংখ্যা অনুসৰি হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ১.৮ শতাংশ৷ আনহাতে, সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ২.৪ শতাংশ৷ অর্থাৎ দেশৰ প্রতিখন গাঁৱতে জনসংখ্যা বৃদ্ধিৰ আঁৰত আছে সংখ্যালঘু মুছলমান লোকসকল৷ অসমৰ প্রসংগ উত্থাপন কৰি আন্তঃৰাষ্ট্রীয় হিন্দু পৰিষদৰ মুৰব্বীজনে কয় যে জনসংখ্যাৰ এনে বিস্ফোৰণে অসমক অহা সময়ছোৱাত নিঃশেষ কৰিব৷ আগন্তুক ২০ বছৰত অসম ইয়াৰ প্রথম স্বীকাৰ হ’ব৷ বিশেষকৈ বিগত সময়ছোৱাত অসমত মুছলমান বাংলদেশীৰ প্রব্রজন ঘটিছে, তাৰ ফলত হিন্দু সংখ্যালঘুত পৰিণত হ’ব৷ ইয়াৰ বাবে টোগাড়িয়াই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাই কয় যে অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে হিন্দুৰ সপক্ষে থিয় দিছে৷ মুখ্যমন্ত্রীয়ে নিশ্চিতভাৱে জনসংখ্যা প্রতিৰোধ আইন প্রণয়ন কৰিব আৰু ১৯৫১ চনৰ ভোটৰ তালিকাৰ আধাৰত বিদেশীসকলক চিনাক্তকৰণ আৰু ডিএনএ টেষ্ট কৰক৷ অসমৰ জনসংখ্যা বৃদ্ধিৰ ভয়াৱহ দিশটো উল্লেখ কৰি টোগাড়িয়াই কয় যে জনসংখ্যা নিয়ন্ত্রণ আইন হ’লে ধুবুৰীৰ পৰাও এজন সাংসদ নির্বাচিত হ’ব পাৰিব৷ অসমত অতি সোনকালে এই আইন প্রণয়ন নকৰিলে ৰাজ্যখনে সংকটৰ সন্মুখীন হ’ব বুলি সকীয়াই দিয়ে টোগাড়িয়াই৷

You might also like