নৱম শ্রেণীৰ শিক্ষার্থীৰ বাবে গুৰুত্বপূর্ণ নির্দেশনা ছেবাৰ
বিশেষ বাৰ্তা, ২৬ এপ্রিলঃ নৱম শ্রেণীৰ শিক্ষার্থীৰ বাবে এক গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ৷ এই নির্দেশনা অনুসৰি, অহা ১ মে’ৰ পৰা নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ অনলাইন পঞ্জীয়ন প্রক্রিয়া আৰম্ভ হ’ব৷ প্রক্রিয়াটো অব্যাহত থাকিব ১৫ জুনপর্যন্ত৷ ছেবাৰ তৰফৰ পৰা প্রতিখন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রধানসকলক নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ অনলাইন পঞ্জীয়ন প্রক্রিয়া সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ নির্দেশনাটোত উল্লেখ কৰা অনুসৰি, ছেবাৰ অফিচিয়েল ৱেবছাইটযোগে হ’বলগীয়া অনলাইন পঞ্জীয়নৰ বাবে মাচুল আদায় দিয়াৰ সময় হৈছে ৮ মে’ৰ পৰা ১৯ জুন৷ ফর্ম নং ৫০যোগে চূড়ান্ত তালিকা প্রস্তুত কৰাৰ অন্তিম দিন ২০ জুন৷ সেইদৰে চূড়ান্ত তালিকা শিক্ষানুষ্ঠানসমূহৰ পৰা কেন্দ্রৰ ভাৰপ্রাপ্ত বিষয়ালৈ ২৬ জুনত আৰু কেন্দ্রৰ ভাৰপ্রাপ্ত বিষয়াই ২৭ জুনত প্রেৰণ কৰিব লাগিব৷ ছাত্র–ছাত্রীসকলৰ বয়স চলিত বর্ষৰ ১ মার্চত নূ্যনতম ১৩ বছৰ হ’ব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে৷