নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়া আঞ্চলিক কলেজৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্র সন্মিলনৰ কমিটীৰ কাৰ্যভাৰ গ্ৰহণ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল : ছমৰীয়া সত্ৰৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ “প্ৰাক্তন ছাত্র সম্মিলন”। কালি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় এই সন্মিলন। ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ প্রাণকৃষ্ণ দেৱ নাথৰ সভাপতিত্বত অনুষ্ঠিত এই প্ৰাক্তন ছাত্র সন্মিলনৰ আহ্বায়ক ক্রমে গুণদা দাস, নিৰঞ্জন মণ্ডল, কলিম উদ্দিন আহমেদ,মনোজ মহন্ত,মিতুল কলিতা আৰু বিভাগীয় অধ্যাপক ধীৰেশ্বৰ দাস, ড° গীতিকা দাস আৰু ড° লোহিত ৰাভাই আঁত ধৰা সন্মিলনখনিৰ বিভিন্ন কার্যসূচীৰ আৰম্ভণিতে অসমীয়া বিভাগত অধ্যয়নৰত ছাত্রী হিয়ামণি কলিতাৰ বৰগীত পৰিবেশনেৰে সভাৰ কার্যসূচীৰ শুভাৰম্ভ কৰা হয়।সভাত ছমৰীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰিণ মান নির্ণয় কোষ (IQAC)ৰ সমন্বয়ক ড° জামাল উদ্দিন আহমেদে প্রাক্তন ছাত্র সন্মিলনৰ প্ৰয়োজনীয়তা সম্পর্কে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিশদভাৱে বিৱৰণ দাঙি ধৰে।সভাত সৰুসজাইত প্ৰধানমন্ত্ৰীৰ সন্মুখত আয়োজিত বিহুৰ বিশ্ব অভিলাষী অনুষ্ঠানত অংশ লোৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ কেইগৰাকী বিহুৱতী ছাত্রীয়ে বিহু নৃত্য প্রদর্শন কৰি সভাখনত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে এই সন্মিলনতে ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ চলিত বৰ্ষৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ এখনি পূর্ণাঙ্গ কমিটিও গঠন কৰা হয়। প্রাক্তন ছাত্র কলিম উদ্দিন আহমেদক কার্যকৰী সভাপতি আৰু মিতুল কলিতাক ছাত্ৰ সম্মিলনৰ মূখ্য সম্পাদক হিচাপে লৈ প্রায় ত্রিশগৰাকী প্রাক্তন ছাত্র-ছাত্রীৰ মাজত নবগঠিত কমিটি খনে কার্য্যভাৰ গ্রহণ কৰে। উল্লেখ্য যে অসমীয়া বিভাগৰ প্রাক্তন ছাত্র সন্মিলনত মহাবিদ্যালয়ৰ অন্যান্য বিভাগৰ ছাত্র-ছাত্রীকে ধৰি সহকাৰি অধ্যাপক ক্রমে- নুৰুল ইছলাম,হিৰামনি ৰাভা,আব্দুছ ছালাম,আবুশ্বামা আহমেদ, ছফিৰ উদ্দিন আহমেদ, বাছেৰ আলী,নুৰ মহম্মদ আল আমান আদিৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like