নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবর্ষৰ সামৰণী অনুষ্ঠানৰ প্ৰস্তুতি

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ আহোম ৰাজত্ব কালৰ এখনি ঐতিহ্যমণ্ডিত গাঁও হিচাপে সৰ্বজন পৰিচিত নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কি:মি: পূব প্ৰান্তত অৱস্থিত ভোটাইগাঁও। এই ভোটাইগাঁৱৰ ৰাজহুৱা নামঘৰ ভাগে ইতিমধ্যে সগৌৰবে এশটা বছৰ অতিক্ৰম কৰিছে। ১৯১৪ চনতে স্থাপিত ভোটাইগাঁও ৰাজহুৱা নামঘৰ ভাগে শতবৰ্ষ অতিক্ৰম কৰাৰ আপাহতে স্থানীয় ৰাইজে বছৰজোৰা কাৰ্যক্ৰমণিকাৰে শতবর্ষ অনুষ্ঠান ভাগ অনুষ্ঠিত কৰি অহাৰ অন্তত অহা ২৮, ২৯ আৰু ৩০ এপ্ৰিলত সামৰণী অনুষ্ঠান ভাগ বিস্তৃতভাবে আয়োজনৰ প্ৰস্তুতি চলাইছে। অন্যান্য কাৰ্যসূচীৰ লগতে ২৮ এপ্ৰিলৰ পুৱা ধৰ্মীয় শোভাযাত্ৰা ও জল আনয়ন, দুপৰীয়া নাম প্ৰসংগ, বিয়লি ভাগৱত পাঠ আৰম্ভ আৰু সন্ধিয়া শতগচি বন্তি প্ৰজ্বলনেৰে আলোকিত হ’ব নামঘৰ প্ৰাংগণ। ২৯ এপ্ৰিলৰ পুৱা ভাগৱত পাঠ সামৰণিৰ অন্তত নাম প্ৰসংগ আৰু পুৱা ১১ বজাৰ পৰা নগাঁও জিলা ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৩০ এপ্ৰিলৰ বিয়লি ১ বজাত অনুষ্ঠিত হ’ব এখনি ধৰ্মালোচনা সভা। উক্ত সভাতে শতবর্ষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ পাবলগা স্মৰণিকা ‘আৰিয়া’ উন্মোচিত হ’ব আৰু উক্ত অনুষ্ঠানতে অঞ্চলৰ কেইবাগৰাকী বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হ’ব। নিশালৈ গাঁৱৰ যুৱক-যুৱতীৰ দ্বাৰা ‘সগৰৰ ৰাজ্যলাভ’ নামৰ অংকীয়া ভাওনাখনি প্ৰদৰ্শনেৰে কাৰ্যসূচী অন্ত পৰিব। সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি উদযাপন সমিতিয়ে কামনা কৰিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like