নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰাজ্যিক পৰ্যায়ৰ মকড্ৰিল আখৰা

বিশেষ বাৰ্তা ২৭ এপ্ৰিল : আজি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নগাঁও দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানপানীৰ দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ সন্দৰ্ভত এক ৰাজ্যিক পৰ্য্যায়ৰ ম’কড্ৰিল আখৰা অনুষ্ঠিত কৰা হয়। চহৰখনৰ আদর্শ নগৰক ঘটনাস্থলী হিচাপে লৈ কৰা এই ম’কড্ৰিল আখৰাত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্য্যালয়, নগাঁৱত এক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হয়। নগাঁও আৰক্ষী নিবেশ খেল পথাৰত ষ্টেজিং (staging) এলেকা, নগাঁও পলিটেকনিকত এক সাহায্য শিবিৰ আৰু নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এক চিকিৎসা শিবিৰ স্থাপন কৰি এই ম’কড্ৰিল আখৰা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে বানপানী দুৰ্যোগৰ সময়ত দায়িত্ব পালন কৰিবলগীয়া বিভাগ সমূহ যেনে- আৰক্ষী, অগ্নিনিৰ্বাপক, এছ.ডি.আৰ.এফ, সামৰিক আৰু অৰ্ধসামৰিক বাহিনী, সমাজ কল্যাণ, পি.এইচ.ই.ডি, জলসম্পদ, স্বাস্থ্য, পৰিবহন, লোকনিৰ্মান আৰু জনসংযোগ বিভাগকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে এই আখৰাত অংশগ্ৰহণ কৰে। আখৰা অনুষ্ঠানত জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ নৰেন্দ্ৰ কুমাৰ শ্বাহে প্ৰতিটো আখৰাস্থলীত উপস্থিত হৈ আখৰাৰ তদাৰক কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like