নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসামুক্ত ডিমা হাছাও : ৰাজ্য-কেন্দ্ৰ চৰকাৰৰে শান্তি চুক্তি ডিএনএলএৰ

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ অৱশেষত সম্পূৰ্ণৰূপে হিংসামুক্ত হল ডিমা হাছাও পাহাৰী জিলাখন। আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ডিমাছা বিদ্ৰোহী সংগঠন ডি এন এল এৰ নেতৃবৰ্গই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে। ত্ৰিপাক্ষিক এই বুজাবুজি চুক্তিৰ জৰিয়ত ৰাজ্যৰ সকলো প্ৰান্তত বসবাস কৰা ডিমাছা লোকসকলৰ বাবে ডিমাছা কল্যান পৰিষদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লক্ষ্যনীয়ভাৱে ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদত অতিৰিক্ত গাওঁ সংযোগ কৰাৰ বাবেও আজিৰ ক্ৰিপাক্ষিক চুক্তিত দিশা প্ৰদান কৰা হৈছে। ইয়াৰ বাবে চলিত বছৰতেই এখন আয়োগ গঠন কৰা হব। সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ ১৪ সংখ্যক ধাৰাৰ অধীনত এই আয়োগ গঠন কৰা হব। আনহাতে ডিমাছা কল্যান পৰিষদে স্বায়ত্ত্বশাসিত পৰিষদৰ বাহিৰত বসবাস কৰা ডিমাছা সকলৰ ৰাজনৈতিক, অৰ্থনৈতিক তথা সামাজিক অধিকাৰ সুনিশ্চিত কৰিব। লগতে সমগ্ৰ ডিমাছা জাতিৰ ৰাজনৈতিক,অৰ্থনৈতিক তথা সামাজিক আকাংখা পুৰণ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হব। ডিমাছা ভাষাৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো ডিমাছা কল্যান পৰিষদে কাম কৰিব। আনহাতে আজিৰ চুক্তিৰ পিছত সশস্ত্ৰ সংগঠনসমূহৰ ১৬৮ জন কেডাৰৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি চুক্তিখনত লিপিবদ্ধ কৰা হৈছে। আনহাতে চুক্তি অনুসৰি ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ আন্তগাথনীমূলক উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৫০০ কোটি টকাকৈ সৰ্বমুঠ ১০০০ কোটি টকাৰ এক বিশেষ বিত্তীয় পেকেজ প্ৰদান কৰা হব। নতুন দিল্লীস্থিত নৰ্থ ব্লকৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত চুক্তি স্বাক্ষৰ কৰা অনুষ্ঠানত নিজৰ ভাষণত গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ দিনটোক ডিমা হাছাওৰ লগতে অসমৰ বাবেও এক ঐতিহাসিক দিন বুলি সম্বোধন কৰে। তেওঁ কয় যে আজিৰ দিনটোত অসমত কোনো এটা জনগোষ্ঠী নাই যিয়ে হাতত অস্ত্ৰ লৈ বিদ্ৰোহ কৰি আছে কিম্বা জংঘলত আছে। ৰাজ্যখনৰ সকলো জনগোষ্ঠীয় গোটে এতিয়া মূল সুঁতিলৈ উভতি আহিছে। এতিয়া এওঁলোকে অসম তথা ভাৰতবৰ্ষৰ বিকাশ প্ৰক্ৰিয়াত সক্ৰিয় অংশ গ্ৰহণ কৰিব পাৰিব। এয়া মোৰ বাবেও অতি সুখবৰ বুলি শ্বাহে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আতংকমুক্ত, হিংসা মুক্ত আৰু বিকাশৰ সৈতে যুক্ত যি উত্তৰপূৰ্বাঞ্চলৰ কল্পনা কৰিছিল সেই দিশত আজি আমি আগবাঢ়ি যাব পাৰিছো। আজিৰ এই চুক্তিৰ পাছত ডি এন এল এৰ সকলো সদস্যই হিংসা বৰ্জন কৰি শান্তিপূৰ্ণ গণতান্ত্ৰিক পক্ৰিয়াত অংশ গ্ৰহণ কৰিব। তেওঁলোকৰ হাতত থকা সকলো অস্ত্ৰসম্ভাৰ তথা গোলা বাৰুদ অসম চৰকাৰক সমৰ্পন কৰিব। লগতে সশস্ত্ৰ সংগঠন ভংগ কৰি কেডাৰসকলৰ দখলত থকা শিবিৰসমূহ খালি কৰিব। আনহাতে চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য– ডি এন এল এৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আলোচনাপন্থী আলফা আৰু আলফা (স্বাধীন)ক বাদ দি অসমত আৰু কোনো উগ্ৰপন্থী সংগঠন নাথিকব। এয়াই হবগৈ শেষ শান্তি চুক্তি। বিভিন্ন সময়ত বিভিন্ন বিদ্ৰোহী সংগঠনসমূহে আলোচনাৰ মাজত আহিছিল। আৰু আজি গোটেইবোৰ সংগঠনে সমাধানৰ বাট খুজি পালে। সেয়েহে আলোচনাৰ যি শৃংখলা চলি আছিল আজিৰ এই শান্তি চুক্তিক আমি অন্তিমখন বুলি কব পাৰো। উল্লেখ্য যে আজিৰ বুজাবুজি চুক্তিত ডি এন এল এৰ হৈ সংগঠনটোৰ সেনাধ্যক্ষ চুদ্ৰি ছৰংফাংছা, ৰাজ্য চৰকাৰৰ হৈ মুখ্য সচিব পবন কুনাৰ বৰঠাকুৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ উত্তৰপূৰ্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ বিভাগৰ অতিৰিক্ত সচিব পীযুছ গোয়েলে স্বাক্ষৰ কৰে। মন কৰিব লগীয়া যে ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ডি এন এল এই একপক্ষীয় যুদ্ধবিৰতিত আছিল।

প্ৰেৰক কল্লোল ভৌমিক

You might also like