বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ ডিমাছা বিদ্ৰোহী সংগঠন ডি এন এল এৰে হোৱা শান্তি চুক্তিৰ পিছত এতিয়া আলোচনাপন্থী আলফাৰ পাল। সকলো ঠিকে ঠাকে থাকিলে মে মাহতেই সম্পন্ন হব আলফা-কেন্দ্ৰ-ৰাজ্যৰে ত্ৰিপাক্ষিত বুজাবুজি চুক্তি। নতুন দিল্লীত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, ইতিমধ্যে শান্তি চুক্তিৰ খচৰা এটা প্ৰস্তুত কৰা হৈছে তথা উক্ত খচৰাখন আলোচনাপন্থী আলফা নেতৃবৰ্গক প্ৰদান কৰা হৈছে। ‘মই ভাবো যে মে মাহৰ ভিতৰতে আমি শান্তি চুক্তি স্বাক্ষৰ কৰিব পাৰিম। সেই ধৰণে আমি আগুৱাই গৈছো’– সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়। পিছে খচৰাৰ দফাসমূহৰ সৈতে তেওঁলোক যদি মান্তি নহয় তেনেহলে শান্তি চুক্তি সম্পানত কিছু বিলম্ব হবও পাৰে বুলি ডঃ শৰ্মাই লগতে জনাই দিয়ে। কিন্তু খচৰাৰ বিষয়বস্তুৰ সৈতে যদি আলোচনাপন্থী আলফা নেতৃবৰ্গই সহমতত উপনীত হয় তেনেহলে মে মাহৰ ভিতৰতেই শান্তি চুক্তি সম্পাদিত হব। লক্ষ্যনীয়ভাৱে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মতে, ‘আচল আলোচনা’ আলফা (স্বাধীন)ৰ সৈতে হে হব। আলফা (স্বাধীন)ৰ সৈতে যোগাযোগ চলি থকাৰ কথা অবগত কৰি তেওঁ কয় যে আলোচনা যি ধৰণৰ গতি লাভ কৰিব লাগিছিল সেই গতি লাভ কৰিব পৰা নাই। কিন্তু পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সৈতে বিভিন্ন পৰ্যায়ত যোগাযোগ চলি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। ‘আচল যিটো আলোচনা– আলফা (স্বাধীন)ৰ লগত, সেই বিষয়ত যোগাযোগ (চলি) আছে কিন্তু আলোচনা যিটো গতি লব লাগিছিল, গতি লোৱা নাই। কিন্তু বিভিন্ন পৰ্যায়ত যোগাযোগ চলি আছে’– মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়।
প্ৰেৰক কল্লোল ভৌমিক