নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰ সীমান্তত অসমীয়া কৃষকলৈ নিষেধাজ্ঞা পত্ৰ নাগালেণ্ডৰ ভিলেইজ কাউন্সিলৰ

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত শেষতীয়াকৈ নাগালেণ্ড প্ৰশাসন আৰু নাগালেণ্ড ভিলেইজ কাউন্সিলৰ কিছু কাৰ্যকলাপে সীমান্তৱৰ্তী অসমীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যি সময়ত অসম আৰু নাগালেণ্ড চৰকাৰে উভয় ৰাজ্যৰ মাজত থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ চেষ্টা অব্যাহত ৰাখিছে একে সময়তে সীমান্তত একাংশ নগাৰ কাৰ্যকলাপে পুনৰ সংঘাট বৃদ্ধি কৰিবলৈ চেষ্টা কৰাহে পৰিলক্ষিত হৈছে। তিতাবৰ মহকুমাৰ বেকাজান সীমান্তৰ গাতে লাগি থকা নাগালেণ্ডৰ চাংপাং ভিলেইজ কাউন্সিলৰ এখন পত্ৰই শেষতীয়াকৈ সীমান্তবৰ্তী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যিখন পত্ৰৰ যোগেদি নগাই নাগালেণ্ডৰ পাহাৰত চুবুৰীয়া অসমীয়া কৃষক সকলৰ বিভিন্ন কাৰ্যকলাপত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে। পত্ৰখনত উল্লেখ আছে যে কোনো অসমীয়া কৃষকৰ পোহনীয়া গৰু-ছাগলী নাগালেণ্ডৰ চাংপাং ভিলেইজ কাউন্সিলৰ এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব। তদুপৰি নগা পাহাৰত খৰি বিচৰা, গছ-বাঁহ আদি কটা কাৰ্যও সম্পূৰ্ণৰূপে বন্ধ কৰিছে চাংপাং ভিলেজ কাউঞ্চিলে। জানিব পৰা মতে এখন সভা পাতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চাংপাং ভিলেইজ কাউঞ্চিলে। চাংপাং ভিলেইজ কাউন্সিলৰ চেয়াৰমেন ঝনবেম’ য়ানথান আৰু সম্পাদক ৰিভাঙ্গথাং কিকনৰ স্বাক্ষৰিত পত্ৰখনৰ প্ৰতিলিপি ইতিমধ্যে তিতাবৰ মহকুমাৰ বেকাজান আৰক্ষী চকী, বেকাজান গাঁও পঞ্চায়ত কাৰ্যালয় আদিলৈ প্ৰেৰণ কৰিছে। এই আদেশ অৱমাননা কৰিলে দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহিব বুলিও ভিলেইজ কাউঞ্চিলে পত্ৰখনত উল্লেখ কৰি সকিয়নি প্ৰদান কৰিছে। সম্প্ৰতি এই নিৰ্দেশনাক লৈ তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তত ব্যাপক চৰ্চা অব্যাহত আছে। নগা আৰু অসমীয়া লোকৰ মাজত সাতামপুৰুষীয়া সম্প্ৰীতিৰ দোহাই দি বান্ধোন কটকটীয়া কৰিবলৈ চেষ্টা কৰা কাৰ্যৰ বিপৰীতে চাংপাং ভিলেইজ কাউন্সিলৰ এনে কাৰ্যকলাপক সীমান্তৱৰ্তী সচেতন ৰাইজে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে। তদুপৰি যিকোনো সময়তে পুনৰ দুয়োখন ৰাজ্যৰ চুবুৰীয়া লোক সকলৰ মাজত সংঘাত সৃষ্টিৰ সম্ভাৱনাও ব্যক্ত কৰিছে। ইফালে দুদিনৰ পূৰ্বে বেকাজান সীমান্তত অ’ এন জি চিৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৯ গৰাকী শ্ৰমিকক নাগালেণ্ড আৰক্ষীয়ে আটক কৰা ঘটনাই বৰ্তমানেও এলেকাটোত প্ৰতিক্ৰিয়া অব্যাহত আছে। নাগালেণ্ডৰ ভূমিত অনুমতি অবিহনে জৰীপ চলোৱাৰ অভিযোগত অ’ এন জি চিৰ ঠিকাদাৰী প্ৰতিষ্ঠান মেচাৰ্চ আগৰৱাল এনাৰ্জী প্ৰাইভেট লিমিটেডৰ ৯ জনকৈ শ্ৰমিকক নাগালেণ্ডৰ ৱাখা জিলাৰ চাংপাং আৰক্ষীয়ে জৰীপ কাৰ্যত বাধা প্ৰদান কৰাৰ লগতে আটক কৰি লৈ যায়। পিছদিনা অৰ্থাৎ ২৪ ঘণ্টাৰ পাছতহে আলোচনা কৰি ৯ জনকৈ শ্ৰমিকক নাগালেণ্ড আৰক্ষীয়ে মুকলি কৰি দিয়ে। দলটোৱে নগাবাট চেনিজান গাঁৱৰ পাহাৰৰ দাঁতিত ভূকম্পন জৰীপ চলাই থকা সময়তে নাগালেণ্ড আৰক্ষীয়ে আটক কৰিছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ইতিমধ্যে লুংচিৰি গাঁৱৰ গাঁওবুঢ়া মহনথুং কিথানে সংবাদ মাধ্যমৰ আগত জনিবলৈ দিয়ে যে– অ’ এন জি চিৰ জৰীপৰ দলটো ২৫ এপ্ৰিলত নাগালেণ্ডৰ লুংচিৰি গাঁৱত জৰীপৰ বাবে আহিছিল। দলটোৰ হাতত জৰীপৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাছিল। সেয়ে তেওঁলোকক ভিলেইজ কাউন্সিল আৰু মাটিৰ মালিকসকলে জৰীপ চলোৱাত বাধা প্ৰদান কৰিছিল। ইয়াৰ পিছতো জৰীপৰ দলটোৱে যন্ত্ৰপাতি আনি জৰীপ আৰম্ভ কৰাত নগালোকসকলে আৰক্ষীক খবৰ দিয়ে। নাগালেণ্ডৰ চাংপাং আৰক্ষীয়ে ৯ জনকৈ শ্ৰমিকক জৰীপ স্থলীৰ পৰাই আটক কৰি চাংপাং থানালৈ লৈ যোৱাৰ লগতে পাছত ভাণ্ডাৰী সদৰ থানালৈ লৈ যায়। প্ৰণিধানযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ড মুখ্যমন্ত্ৰী নেইফিউ’ ৰিঅ’ই দুয়োখন ৰাজ্যৰ সীমান্তৰ এ বি চি আৰু ই চেক্টৰত যৌথভাৱে খাৰুৱা তেল অম্বেষণ আৰু উৎপাদনৰ বাবে এক বুজাবুজি চুক্তি কৰিছিল। এই চুক্তি সম্পন্ন হোৱা মাত্ৰ এটা সপ্তাহৰ পাছতে তিতাবৰ সীমান্তত সংঘটিত এনে ঘটনাই বৰ্তমান সীমান্তৱৰ্তী এলেকাসমূহত সাংঘাটিকভাৱে বিৰূপ প্ৰভাৱ পেলাইছে। এফালে চাংপাং ভিলেইজ কাউন্সিৰ নিষেধাজ্ঞা আনফালে ৯ গৰাকীকৈ শ্ৰমিকক নাগালেণ্ডৰ আৰক্ষীয়ে ২৪ ঘণ্টা পৰ্যন্ত আটক কৰি ৰখা ঘটনা আদিবোৰে সীমান্তৰ সহজ সৰল অসমীয়া গঞা ৰাইজক একপ্ৰকাৰ শংকিত কৰি তুলিছে। যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত পূৰ্বেই অসম আৰু নাগালেণ্ড দুয়োখন ৰাজ্যৰ চৰকাৰ তথা প্ৰশাসনক বিবাদৰ বিষয়বোৰ নিষ্পত্তিৰ আহ্বান জনাইছে সচেতন মহলে।

প্ৰেৰক অজয় শইকীয়া

You might also like