সমাজবিৰোধী চক্রক লখিমপুৰৰ পৰা সকীয়নি মন্ত্রী অশোক সিংহলৰ
বিশেষ বাৰ্তা, ২৮ এপ্রিলঃ অপৰাধী সাৱধান ! কোনো কাৰণতে অপৰাধীক সাৰি যাবলৈ নিদিয়ে অসম আৰক্ষীয়ে। সমাজৰ অপশক্তিৰ বিৰুদ্ধে সদায় কঠোৰ হৈ ৰব অসম আৰক্ষী।আজি লখিমপুৰত অনুষ্ঠিত এক অনুষ্ঠানৰ পৰা ৰাজ্যৰ অপৰাধীলৈ এনেদৰে সাৱধানবাণী শুনায় মন্ত্রী অশোক সিংহলে। লখিমপুৰৰ লীলাবাৰীত অৱস্থিত ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰি মন্ত্রী সিংহলে এনেদৰে অপৰাধীলৈ সতৰ্কবাৰ্তা দিয়ে। লখিমপুৰ নগৰৰ সমীপৰ লীলাবাৰীত থকা ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নত আজি আয়োজন কৰা হয় দীক্ষান্ত সমাৰোহ আৰু এই সমাৰোহত ভাষণ প্ৰদান কৰি সমাজৰ অপশক্তিৰ বিৰুদ্ধে সতৰ্ক বাণী শুনায় মন্ত্রী সিংহলে। মন্ত্রী সিংহলে প্ৰশিক্ষণ সমাপ্ত কৰা আৰক্ষী জোৱানসকলক শুভেচ্ছা জনায়। উল্লেখ্য যে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আজি লখিমপুৰ জিলাৰ লীলাবাৰীত অৱস্থিত ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ন কেম্পত অনুষ্ঠিত এই দীক্ষান্ত সমাৰোহত ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ বাবে শপত ল’লে ১২,১৩ আৰু ২২নং বেটেলিয়নৰ ৫৬৯গৰাকী জোৱানে। উল্লেখ কৰা প্ৰয়োজন যে, ৪৩ টাকৈ সপ্তাহৰ কঠোৰ প্ৰশিক্ষণৰ অন্তত এই ৫৬৯ গৰাকী আৰক্ষী জোৱানে আজিৰে পৰা আত্মনিয়োগ কৰিব অসম আৰক্ষীত। এই অনুষ্ঠানত উপস্থিত থাকি নৱনিযুক্ত জোৱানসকললৈ মন্ত্ৰী অশোক সিংহলে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।তেও আৰক্ষীৰ মূল মন্ত্ৰ জনহিত জনহিতাৰ্থে হৃদয় ত লৈ জন সেৱাত ব্ৰতী হৈ জোনাহ সকলক বিভাগীয় সন্মানৰ লগতে ৰাইজৰ আশীর্বাদ শিৰত তুলি এখন সুন্দৰ সমাজ গঢাৰ বাবে কাম কৰিবলৈ জোৱান সকলক আহ্বান জনায়। ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ দীক্ষান্ত সমাৰোহত উপস্থিত থাকে উত্তৰ পূৱ মণ্ডলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক বিজয়গিৰী কুলিগাম আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা। সমাৰোহত প্ৰশিক্ষণ সমাপ্ত কৰা আৰক্ষী জোৱানসকলে সুন্দৰকৈ প্ৰদৰ্শন কৰিলে কুচকাৱাজৰ লগতে বিভিন্ন ধৰণৰ সমৰকলা। ইয়াৰোপৰি, প্ৰদৰ্শন কৰিলে বিভিন্ন ধৰণৰ আকৰ্ষণীয় কলা কৌশল। ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ দীক্ষান্ত সমাৰোহত প্ৰদৰ্শিত হ’ল বেণ্ড পাৰ্টিৰ বিভিন্ন কৌশলসমূহো।
প্ৰেৰক জীৱন গোস্বামী