নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছমুক্ত অসমৰ সংকল্প : গুৱাহাটীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ সমাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে শক্তিশালী ৰূপত টঙালি বান্ধিছে অসম গণ পৰিষদ দলে। আজি গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত চাৰি হাজাৰৰো অধিক কৰ্মকৰ্তাৰ উপস্থিতিত গুৱাহাটী লোকসভা সমষ্টিকেন্দ্ৰিক এক বিশাল কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত  কৰ্মকৰ্তা সন্মিলনত আদৰণী বক্তব্য ৰাখে সাধাৰণ সম্পাদক মনোজ শইকীয়া আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। সভাত সভাপতি অতুল বৰাই দলীয় সদস্যসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি তৃণমূল পৰ্য্যায়ৰ পৰা সৰ্বস্তৰতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাবলৈ আহ্বান জনায়। সভাপতি বৰাই কয় যে, অগপই বিজেপিৰ লগত নিৰ্বাচনী মিত্ৰতা অব্যাহত ৰাখি লোক সভাত দলৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। ৰাজ্যখনৰ চৈধ্যটা লোকসভা সমষ্টিতে মিত্ৰজোটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰি ৰাজ্যখনৰ পৰা কংগ্ৰেছক চিৰবিদায় দিব লাগিব। দলৰ লক্ষ্য উদ্দেশ্যৰ পৰা বিচলিত নোহোৱাকৈ দলে অহা দিনত দলক অধিক শক্তি বৃদ্ধি কৰাৰ লগতে আঞ্চলিকতাবাদক অধিক জনমুখি আৰু প্ৰাসঙ্গিক কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যখনক বিকশিত আৰু সুৰক্ষিত কৰাৰ বাবে দলে দায়বদ্ধতা পালন কৰি যাব বুলি উল্লেখ কৰি সভাপতি বৰাই সকলো দলীয় সদস্যকে জনসাধাৰণৰ কাষত থাকি দলীয় কাৰ্য্যসূচী ৰূপায়ণ কৰাত গুৰুত্ব দিয়ে। অগপই সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, বৰ্ণ আৰু ধৰ্মাৱলম্বীৰ লোকে আপোন হিচাপে গ্ৰহণ কৰিব পৰা অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল। আঞ্চলিকতাবাদ অসমবাসীৰ হৃদয়ত সজীৱ হৈ আছে। সেয়েহে ৰাইজৰ মৰম জিনিবৰ বাবে অগপই নতুন পৰিকল্পনাৰে সাজু হৈছে। বিশেষ কৰ্মকৰ্তা সন্মিলনত অংশ লোৱাৰ সময়ত দলৰ কৰ্মকৰ্তাসকলক অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে অগপক শক্তিশালী কৰি আগুৱাই যাবলৈ আহ্বান জনায়‌, যাতে আঞ্চলিকতাবাদী শক্তিয়ে অসমৰ বুকুত নতুন বাটেৰে অগ্ৰসৰ হ’ব পাৰে। বৰাই লগতে দেশৰ নিম্নসদনত যাতে অগপৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব পাৰি, তাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ সভাত উপস্থিত কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান জনায়। তাৰ বাবে তৃণমূল পৰ্যায়ৰপৰা প্ৰণালীবদ্ধভাৱে সাংগঠনিক কাম-কাজ আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়। সভাত উপস্থিত থাকি কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱত আঞ্চলিকতাবাদৰ গুৰুত্ব বৃদ্ধি পোৱা বুলি মন্তব্য কৰি দলীয় সদস্যসকলক দলৰ হকে অধিক তৎপৰতাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। শিপাৰ পৰা দলক শক্তিশালী কৰাটো প্ৰতিজন দলীয় সদস্যৰে দায়িত্ব বুলি উল্লেখ কৰি ঐক্যবদ্ধ শক্তি হিচাপে আগবাঢ়ি যাবলৈ আহ্বান জনায়। সভাত দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে কৰ্মকৰ্তা সন্মিলনে দলক এক অন্যন্য মাত্ৰা প্ৰদান কৰা বুলি মতপ্ৰকাশ কৰি সাংগঠনিক ভেটি দৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে। সভাত দলৰ অন্যতম সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰ্মকৰ্তা সন্মিলনৰ তাৎপৰ্য্য সম্পৰ্কে বাখ্যা কৰি পৰৱৰ্তী সময়ত বিধান পৰিষদ আৰু পঞ্চায়ত পৰিষদতো একে ধৰণৰ কৰ্মকৰ্তা সন্মিলন আয়োজন কৰিবলৈ আহ্বান জনায়। কলিতাই কয় যে, গুৱাহাটী লোকসভাৰ দহটা বিধান সভা সমষ্টিতে অসম গণ পৰিষদ দলৰ ভেটি এতিয়াও শক্তিশালী আৰু দলে যিকোনো নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈ আছে। সভাত মহিলা পৰিষদৰ তৰফৰ পৰা সমবেত সংগীত আৰু ছাত্ৰ পৰিষদৰ সদস্যাসকলে বিহুনৃত্য প্ৰদৰ্শন কৰে। সভাত দলৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, নুৰুল হুছেইন, প্ৰবীন হাজৰিকা, সত্যব্ৰত কলিতা, পোনাকন বৰুৱা, বিমলেন্দু সিংহ, উপ-সভাপতি কুমাৰ দীপক দাস, জ্যোতিষ দাস, সুনীল ডেকা, দিলীপ পাটগিৰী, সুনীল ৰাজকোৱঁৰ, আক্ৰাম হুছেইন, জয়ন্ত খাউণ্ড আদিৰ লগতে জিলা পৰিষদ আৰু বিধান পৰিষদৰ সভাপতি, সম্পাদকসকল, ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সাধাৰণ সম্পাদকসকলৰ লগতে চাৰি হেজাৰৰো অধিক বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়ায় প্ৰচাৰ সম্পাদক ড০ তপন দাসে।

You might also like