নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুমুহাত তচনচ কলখেতিৰে স্বাৱলম্বী লাহৰীঘাটৰ আক্কাছ আলীৰ সপোন

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : মৰিগাঁৱৰ লাহৰীঘাটৰ হাতীলৰুৱা পথাৰৰ এজন যুৱক। যুৱকজনৰ নাম আক্কাছ আলী। যুৱকজনে কল খেতিৰে বাচি লৈছে আত্মসংস্হাপনৰ পথ। যুৱক জনে ভূৰাগাঁৱৰ এজন লোকৰ পৰা ১০ বিঘা মাটি লীজত লৈ আৰম্ভ কৰে মালভোগ কলৰ খেতি। এই কল খেতিৰে বছৰে খৰছ বাদ দি ৫ লাখ টকা আয় কৰে যুৱ কৃষক জনে । এই কল খেতিৰে আন কেবাজনো লোকক দিছে সংস্হাপন। এতিয়া কল বিক্ৰীৰ সময়। নিজৰ গাঠিঁৰ কেবালক্ষাধিক টকা খৰচ কৰি কল বিক্ৰীৰ উপযোগী কৰি তুলিছে। কিন্তু কাল ধুমুহাই তচনচ কৰিলে এই যুৱকজনৰ সকলো সপোন। যুৱকজনে জনোৱা মতে হৈ যোৱা ধুমুহাত কল খেতিত প্ৰায় ১০ লাখ টকাৰ ক্ষয়ক্ষতি হৈছে। ইফালে শিক্ষিত যুৱক জনে ১০ বিঘা মাটিত কল খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰাৰ পিছতো এই পৰ্যন্ত কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাই। ধুমুহাই ক্ষয়ক্ষতি কৰাৰ পিছত যুৱকজন মানসিক ভাৱে ভাগি পৰিছে। সেয়ে যুৱ কৃষকজনে চৰকাৰ তথা কৃষি বিভাগৰ পৰা সহায় বিচাৰি অনুৰোধ কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like