নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত ক্ৰীছেল ফাউণ্ডেচনৰ কাৰ্যালয় মুকলি

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিসমুহ দৰিদ্ৰ জনসাধাৰণৰ মাজত সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই আৰু ইয়াৰ পৰা হোৱা লাভালাভৰ ওপৰত খতিয়ান ল’ৱলৈ গঠন কৰা সংস্থা ক্ৰীছেল ফাউণ্ডেশ্যনৰ কাৰ্য্যালয় এটি আজি মুকলি কৰে। কামৰূপ জিলাৰ বকোৰ বনগাঁওত আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ক্ৰীছেল ফাউণ্ডেশ্যনৰ বনগাঁও ব্লকৰ কাৰ্য্যালয়টো। বিত্তীয় স্বাক্ষৰতা কেন্দ্ৰ নামেৰে মাণিৱাইজ পদ্ধতিৰ ওপৰত আলোচনা কৰিবলৈ স্থাপন কৰা কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অঞ্চলটোৰ যুৱ সমাজ কৰ্মী তথা শিক্ষক ৰিংকু ৰাভাই। সংস্থাটোৰ ক্ষেত্ৰীয় বিষয়া আমজাদ আলীৰ তৎপৰতাত আৰু বনগাঁওৰ কেন্দ্ৰ পৰিচালক জয়দেব বায়নৰ সহযোগত কেন্দ্ৰটো মুকলি কৰা অনুস্থানত অংশগ্ৰহণ কৰে এৰিয়া মেনেজাৰ বিৰেণ দাস আৰু সহকাৰী এৰিয়া মেনেজাৰ মুষ্টিক আহমেদ। উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনাৰে পৰিচালিত ক্ৰীছেল ফাউণ্ডেশ্যনৰ বিত্তীয় স্বাক্ষৰতা কেন্দ্ৰৰ জৰিয়তে আত্মসহায়ক গোট, মহিলা গোট, বিকলাংগ আৰু দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে চৰকাৰীভাৱে ৰূপায়ণ কৰা আঁচনিকে ধৰি অন্যান্য সা সুবিধাবোৰ নজৰ দিয়া কাৰ্য্য কৰা হ’ব এই কাৰ্য্যালয়ৰ জৰিয়তে। প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা অনুষ্ঠানত সহযোগ কৰে মনালিছা পাঠকে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like