নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৪৩ বস্তা চোৰাং চাউল জব্দ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ বিভিন্ন ঠাইত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বগা চাউলৰ কলা ব্যৱসায় চলি থকাৰ খৱৰ সঘনাই শুনা যায়। তাৰ মাজতেই যোৱা নিশা আলোপতি চৰ আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বগা চাউল সুখোৱাৰঝাৰ পাৰঘাটৰ পৰা ঘোঁৰাৰ গাড়ী ভৰ্ত্তি কৰি গোৱালপাৰা জিলাৰ শিমলীতোলা অভিমূখে গৈ থকা অৱস্থাত এক গোপন খবৰৰ ভিত্তিত অতৰ্কিতে অভিযান চলাই আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ৪৩ পেকেট খাদ্য সুৰক্ষাৰ বগা চাউল জব্দ কৰিবলৈ সক্ষম হয়। উক্ত চাউল খিনি কোনোবা চোৰাং বেপাৰীয়ে চোৰাংকৈ বিক্ৰীৰ বাবে নবাগত শিমলীতোলা বজাৰ অভিমূখে লৈ যোৱা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে,আৰক্ষীৰ এই অভিযান কালত বাহাৰুল ইছলাম, আনোৱাৰ হুছেইন, খাইজুদ জামান আৰু হুৰমুজ আলীক আৰক্ষীয়ে আটক কৰি জব্দকৃত চোৰাং চাউল সহ নিশাই আৰক্ষীয়ে থানালৈ নিয়ে। আটাই কেইজনকে আলোপতি চৰ আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে। আৰক্ষীৰ এই পদক্ষেপক ৰাইজে শলাগিছে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like