তালিকা সাজু : অসম আৰক্ষীত ‘ডেড উড্’ আঁতৰোৱাৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ
বিশেষ বার্তা, ২৮ এপ্রিল : ‘জনহিত জন সেৱার্থে৷’– এই মূল মন্ত্রৰে ৰাজ্যবাসীৰ জীৱন আৰু সম্পত্তিৰ লগতে সামগ্রিক নিৰাপত্তা–পৰাধ নিয়ন্ত্রণত নিয়োজিত অসম আৰক্ষী ভৰি পৰিছে বহু অযোগ্য বিষয়া–জোৱানেৰে৷ যিসকল এতিয়া অসম আৰক্ষীৰ বাবে ‘ডেড উড্’ বা ‘মৰা কাঠ’ স্বৰূপ হৈ পৰিছে৷ সময়ে সময়ে অসম আৰক্ষী বদনামী হোৱাৰ মূলতে এই ‘মৰা কাঠ’বোৰ৷ অসম আৰক্ষীক বদনামৰ পৰা মুক্ত কৰাৰ সমান্তৰালভাৱে অধিক সক্রিয় তথা সষ্টম কৰি তুলিবলৈ এই ‘মৰা কাঠ’বোৰ আঁতৰোৱাটো যথেষ্ট প্রয়োজন হৈ পৰিছে৷ স্বয়ং মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে সম্প্রতি অসম আৰক্ষীত আছে চাৰি সহস্রাধিক অযোগ্য বিষয়া–জোৱান আৰু তেৱেঁই এইসকলক ‘মৰা কাঠ’ আখ্যা দিয়ে৷ দৰাচলতে বৃহস্পতিবাৰে দিল্লীৰ অসম হাউছৰ পৰা মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে ভিডি’ কনফাৰেঞ্চিংযোগে এখন বৈঠকত মিলিত হৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ লগত বৈঠকত অংশ লৈছিল অসম আৰক্ষীৰ সঞ্চালক জি পি সিঙেও৷ বৈঠকত ‘ডেড উড’ প্রসংগ মুখ্যমন্ত্রী ড০ শর্মাই উত্থাপন কৰা মাত্রেই আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে অচল তথা অযোগ্য বিষয়া–জোৱানৰ এখন তালিকা মুখ্যমন্ত্রী ড০ শর্মাৰ হাতত তুলি দিয়ে৷ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে প্রকাশ কৰা মতে, প্রায় ২৫০ অযোগ্য বিষয়া–জোৱানৰ নাম সন্নিৱিষ্ট হৈছে এই প্রথমখন তালিকাত৷ চৰকাৰী সূত্রত প্রকাশ পোৱা অনুসৰি বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ‘ডেড উড’ৰ দৰে অযোগ্য বিষয়া–জোৱানসকলক্ শীঘ্রে স্বেচ্ছামূলক অৱসৰ আঁচনিৰ (ভি আৰ এছ) যোগেদি অব্যাহতি দিয়াৰ নির্দেশ দিয়ে৷ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে অযোগ্য চিহ্ণিত কৰা প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলি মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰে৷ সূত্রটোৱে প্রকাশ কৰা মতে, সেই সময়ত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মই ভাবোঁ– এই মুহূর্তত অসম আৰক্ষীত কমেও ৪০০০ জোৱান–বিষয়া আছে, যাক আমি ভি আৰ এছ দিব পাৰো৷ লক্ষণীয়ভাৱে ‘ডেড উড’ অর্থাৎ ‘মৰা কাঠ’ত পৰিণত হোৱা বিষয়া–জোৱানসকলক্ দুর্নীতিগ্রস্ত, শাৰীৰিকভাৱে সক্ষম নোহোৱা, সুৰাসক্তৰূপে চিহ্ণিত কৰা হৈছে৷ এইক্ষেত্রত আৰক্ষী অধীক্ষকসকলৰ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ‘স্মার্ট পুলিচ’ তথা ‘স্মার্ট পুলিচিং’ৰ বিষয়টো অৱতাৰণা কৰিছে৷ যিদৰে অপৰাধৰ ৰূপ তথা সংজ্ঞাৰ সলনি হৈ আছে, তেনে পৰিস্থিতিত আৰক্ষীৰ কাম–কাজতো সালসলনি কৰাৰ প্রয়োজন হৈ পৰিছে৷ তদুপৰি যিদৰে চাইবাৰ অপৰাধৰ প্রৱণতা দিনক দিনে বাঢ়ি গৈ আছে, তেনে পৰিস্থিতিত আৰক্ষী বিভাগকো চাইবাৰ উপযোগী হোৱাৰ প্রয়োজন হৈ পৰিছে৷ সেয়েহে এটা ‘স্মার্ট পুলিচ’ বাহিনী গঢ়ি তুলিবলৈ মৰা কাঠবোৰ আঁতৰাবই লাগিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মত ব্যক্ত কৰে৷ উল্লেখ্য যে ২০১৪ চনত প্রধানমন্ত্রীৰ দায়িত্ব লোৱাৰ ঠিক পিছতেই ডি জি আৰু আই জিসকলৰ ৪৯সংখ্যক বার্ষিক সন্মিলনত নৰেন্দ্র মোদীয়ে প্রথমবাৰৰ বাবে ‘স্মার্ট পুলিচিং’ৰ ধাৰণা দাঙি ধৰিছিল৷ প্রধানমন্ত্রী মোদীৰ ‘স্মার্ট পুলিচিং’ৰ আঁত ধৰিয়েই মুখ্যমন্ত্রী ড০ শর্মাই আৰক্ষী ব্যৱস্থা জনতাকেন্দ্রিক (পিপ্লছ চেণ্ড্রিক) তথা আৰক্ষী থানাসমূহ জনবান্ধৱ (পাব্লিক ফ্রেণ্ডলী) কৰি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰে৷ আনহাতে, আৰক্ষী অধীক্ষকসকলৰ সৈতে হোৱা কালিৰ বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ কেন্দ্রত ১৮ মে’ত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ বেটেলিয়নসমূহৰ কমাণ্ডেণ্টসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হোৱাৰ কথা৷ তদুপৰি অহা জুন মাহত বঙাইগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষকসকলৰ সন্মিলন৷
প্ৰেৰক কল্লোল ভৌমিক