নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰ : ৩ মে’ত তৃতীয় বর্গৰ-৪ মে’ত চতুর্থবর্গৰ ফলাফল

বিশেষ বাৰ্তা, ২৯ এপ্রিল :  মে’ মাহত চৰকাৰৰ দ্বিতীয় বর্ষপূর্তিত ৫১,৪০০জন প্রার্থীক নিযুক্তি পত্র প্রদানেৰে এই দিশত আগবাঢ়িব ৰাজ্য চৰকাৰ৷ আজি দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত অহা ১১ মে’ত ৫০ হাজাৰতকৈ অধিক যুৱক–যুৱতীক নিযুক্তিপত্র প্রদানৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা তৃতীয় বর্গ আৰু চতুর্থ বর্গৰ মৌখিক পৰীক্ষাৰ ফলাফল ঘোষণাৰো সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেই অনুসৰি অহা ৩ মে’ত তৃতীয় বর্গৰ ফলাফল আৰু ৪ মে’ত চতুর্থ বর্গৰ ফলাফল ঘোষণা কৰা হ’ব৷ উল্লেখ্য যে ১ লাখ নিযুক্তি প্রদানৰ অংশস্বৰূপে ৰাজ্য চৰকাৰে বিগত বর্ষত চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা তৃতীয় আৰু চতুর্থ বর্গৰ পদ পূৰণৰ সিদ্ধান্ত লৈছিল৷ মুঠ ৫০হাজাৰতকৈ অধিক খালী হৈ থকা পদত নিযুক্তি দিয়াৰ বাবে গঠন কৰা হৈছিল এক নিযুক্তি আয়োগ৷ তৃতীয় বর্গৰ ১৩,১৪১টা পদ, চতুর্থ বর্গৰ ১৩,৩০০টা পদৰ লগতে বন বিভাগৰ ৫,৭৩০ আৰু স্বাস্থ্য বিভাগৰ ৫৭৯৯টা পদত নিযুক্তিৰ প্রক্রিয়া চলিছিল৷ এই সমুদায় পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত লিখিত পৰীক্ষাত উত্তীর্ণসকলৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হৈছিল৷ যোৱা ফেব্রুৱাৰী মাহত মৌখিক পৰীক্ষা সম্পন্ন কৰাৰ পাছতেই অহা ১১ মে’ত নিযুক্তি প্রদানৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে৷

You might also like