আজি কর্ণাটকত নির্বাচনী প্রচাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
বিশেষ বাৰ্তা, ১ মে’ : অহা এবছৰলৈ অসম মন্ত্রীসভাৰ কোনো সালসলনি–সম্প্রসাৰ্ নহয়৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মন্ত্রীসভা সালসলনিকেন্দ্রিক চর্চা নস্যাৎ কৰি কয় যে অহা লোকসভা নির্বাচনলৈ অসম মন্ত্রীসভাৰ সালসলনি–সম্প্রসাৰ্ নহয়৷ ইয়াৰ লগে লগে অহা এটা বছৰলৈ অসম মন্ত্রীসভাৰ সালসলনি–সম্প্রসাৰ্ নোহোৱাটো নিশ্চিত হৈ পৰিছে৷ কিয়নো নির্ধাৰিত সময়সূচী অনুসৰি লোকসভা নির্বাচন অনুষ্ঠিত হ’লে অহা বছৰৰ মার্চ মাহৰ পৰা নির্বাচনী প্রক্রিয়া আৰম্ভ হ’ব আৰু অহা মে’ মাহতহে সেই প্রক্রিয়াৰ অন্ত পৰিব৷ সেয়ে মুখ্যমন্ত্রী ড০ শর্মাৰ ভাষ্য অনুসৰি অহা বছৰৰ মে’ মাহৰ পূর্বে অসম মন্ত্রীসভাৰ সালসলনি–সম্প্রসাৰ্ কোনো সম্ভাৱনা নাই৷ ইপিনে, ৰাজ্যখনত একাংশ লোকক এতিয়াও ‘ডি’ ভোটাৰৰ নামত জাননী দি অহা প্রসংগত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘কা’ বলৱৎ নোহোৱালৈ ‘ডি’ ভোটাৰৰ জাননী আহি থাকিব৷ ‘কা’ বলৱৎ হ’লেহে সেই সমস্যাৰ অৱসান ঘটিব৷ এইক্ষেত্রত তেওঁ সংবাদ মাধ্যমক জনমত গঠনৰ আহ্বান জনায়৷ ইফালে, আজিৰ পৰা কর্ণাটক বিধানসভা নির্বাচনৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ চলাব৷ আজি সমগ্ৰ দিনটো তেওঁ কর্ণাটকত নির্বাচনী প্রচাৰ চলাব৷ ৰাজ্যখনত তেওঁ চাৰি–পাঁচখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ অহা ১১ মে’ত যিহেতু ৪৫ৰ পৰা ৫০ হাজাৰ যুৱক–যুৱতীক নিযুক্তি দিবলগীয়া আছে, সেয়ে তেওঁ অসমত অধিক সময় থাকিব লাগিব৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই পুৱাৰ পৰা টুমকুৰৰ কৰাটেগেৰে আৰু বিয়লি চাৰি বজাত বেংগালুৰুৰ বিটিএম লেআউটত নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব৷