৩ মে’ত অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব উপ ৰাষ্ট্ৰপতিয়ে
- ৩ মে’ত অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব উপ ৰাষ্ট্ৰপতিয়ে
- উপ ৰাষ্ট্ৰপতিয়ে মুখ্য অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২১তম দীক্ষান্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব
- উপ ৰাষ্ট্ৰপতিয়ে ইম্ফলৰ ধনমঞ্জুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰিব
- উপ-ৰাষ্ট্ৰপতিয়ে মণিপুৰ বিশ্ববিদ্যালয়ত শিক্ষক আৰু বিজ্ঞানীসকলৰ সৈতে বাৰ্তালাপ কৰিব
অসমত উপ-ৰাষ্ট্ৰপতি
উপ-ৰাষ্ট্ৰপতিয়ে দুপৰীয়া অসমৰ ডিব্ৰুগড় ভ্ৰমণ কৰিব। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্য অতিথি হিচাপে ২১ সংখ্যক দীক্ষান্ত অনুষ্ঠানত উপস্থিত থাকিব আৰু ভাষণ প্ৰদান কৰিব।
অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিযুক্তি ৰাজ্যমন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগুয়েও এই অনুষ্ঠানত উপস্থিত থাকিব।
মণিপুৰত উপ-ৰাষ্ট্ৰপতি
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আবেলি মণিপুৰৰ ইম্ফলৰ ধনমঞ্জুৰী বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াত, তেওঁ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে এক বাৰ্তালাপ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । এই অধিৱেশনে যুৱ মনৰ মূল্যৱান আলোচনা তথা ধাৰণা বিনিময়ৰ সুযোগ প্ৰদান কৰিব।
ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰী ধনখৰে ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব, য’ত তেওঁ সমগ্ৰ দেশৰ বিভিন্ন কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ অনুষদ/বিজ্ঞানীসকলৰ সৈতে এক বাৰ্তালাপ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
মণিপুৰৰ ৰাজ্যপাল শ্ৰীমতী অনুচুয়া উইকী, মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা তথা শিক্ষা মন্ত্ৰী ড০ ৰাজকুমাৰ ৰঞ্জন সিঙে দুয়োটা অনুষ্ঠানতে অংশগ্ৰহণ কৰিব। মণিপুৰ চৰকাৰৰ শিক্ষা মন্ত্ৰী শ্ৰী বসন্ত সিঙেও ধনমঞ্জুৰী বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীত উপস্থিত থাকিব।