কফাৰ বান্ধ ভাগিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ
- জুন মাহত বিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য লোৱা এনএইচপিচিৰ প্রকল্পত পুনৰ অঘটন
- মূল বান্ধৰ তলফালে হোৰাহোৰে বাগৰিছে পানী
নিয়মীয়া বাৰ্তা, ৩ মে’: জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত আজি পুনৰ সংঘটিত হ’ল আন এক অঘটন৷ অৰুণাচল প্রদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নির্মীয়মাণ প্রকল্পটোৰ ভাগি পৰিল কফাৰ বান্ধ৷ ইয়াৰ ফলত তীব্র আতংকত ভুগিছে নৈপৰীয়া সাধাৰণ ৰাইজ৷ ইয়াৰ লগে লগে অৰুণাচল প্রদেশত বিগত কেইবাদিনো হোৱা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধৰ কাম–কাজো স্তব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে অহা জুন মাহত প্রকল্পটোৰ বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্যৰে নির্মীয়মাণ কাম–কাজ পূর্ণগতিত অব্যাহত ৰখা হৈছিল৷ এক বিশেষ সূত্রই সদৰী কৰা মতে, বিদ্যুৎ উৎপাদনৰ বাবে প্রয়োজনীয় ট্রেন্সফর্মাৰো ইতিমধ্যে আহি পোৱা বুলি জানিব পৰা গৈছে৷ এনএইচপিচিৰ এনে তৎপৰতাৰ মাজতে আজি পুনৰ এক অঘটন সংঘটিত হৈ কফাৰ বান্ধ ভগা কার্যত স্বাভাৱিকতে আতংকিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নিকটৱর্তী স্থানত বাস কৰা নৈপৰীয়া সাধাৰণ জনতা৷ উল্লেখ্য যে ইয়াৰ পূর্বে যোৱাবছৰ মুষলধাৰ বৰষুণৰ ফলত পাহাৰ খহি প্রকল্পৰ পাঁচটাকৈ টানেল বন্ধ হৈ পৰিছিল৷ সেইসময়ত মাত্র এটা টানেলেৰেহে সোৱণশিৰিৰ পানী প্রবাহিত হৈছিল৷ শেহতীয়াভাৱে অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সোৱণশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত প্রকল্পটোৰ মূল বান্ধৰ নিম্ন অংশৰে ভয়ংকৰভাৱে পানী বাগৰাৰ তথ্য আহি পৰিছে৷ এইখিনিতে প্রণিধানযোগ্য যে প্রকল্পটোৰ নির্মাণ ইতিমধ্যে ৯৮ শতাংশ সম্পূর্ণ হৈছে যদিও নির্মাণকাৰী সংস্থা এনএইচপিচিয়ে এতিয়াও প্রকল্প সম্পূর্ণৰূপে সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হোৱা নাই৷ যাৰ ফলত বিগত সময়ছোৱাত বহু বিতর্কত সোমাই পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নিৰাপত্তাৰ দিশটোক লৈ অদ্যাপি আশ্বস্ত হ’ব পৰা নাই নিকটৱর্তী অঞ্চলৰ সাধাৰণ জনতা৷ বিশেষ সূত্রটোৰ মতে চলিত বর্ষৰ জুন মাহৰ শেষৰফালে কেইবা মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিলেও এতিয়াও প্রকল্পৰ সন্মুখৰ পাহাৰৰ খহনীয়া প্রতিৰোধৰ কাম বহু বাকী আছে৷ যদিহে শীঘ্রে এই প্রতিৰোধ ব্যৱস্থা সম্পন্ন কৰা নহয় লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত মুষলধাৰ বৰষুণ অব্যাহত থাকিলে নির্ধাৰিত জুন মাহত কোনোপধ্যেই বিদ্যুৎ উৎপাদন কৰিবলৈ প্রকল্পটো সক্ষম নহ’ব বুলিও সূত্রটোৱে সদৰী কৰিছে৷ অৱশ্যে ইতিমধ্যে দুটাকৈ টার্বাইন আৰু ট্রেন্সফর্মাৰৰ সংযোগৰ কাম সম্পূর্ণ হৈ উঠিছে৷ টার্বাইন আৰু ট্রেন্সফর্মাৰ সংযোগ কৰি পাৱাৰ হাউছৰ পৰা নগাঁও জিলালৈ কেব্ল সংযোগৰ কামো ইতিমধ্যে সম্পন্ন কৰা হৈছে৷ মূল বান্ধৰ পৰা ২৬ কিলোমিটাৰ দূৰত্বত সোৱণশিৰিৰ দুয়োফালে খহনীয়া প্রতিৰোধৰ কাম কিছু সম্পন্ন কৰা হৈছে৷ মাথোঁ অপেক্ষা জলবিদ্যুৎ প্রকল্পৰ পাহাৰৰ খহনীয়া প্রতিৰোধৰ কাম সম্পূর্ণ কৰাৰ৷ উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে কফাৰ বান্ধ ভাগি পৰা এনএইচপিচিয়ে প্রতিৰোধ হিচাপে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে৷