নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি এইচ বি মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা

নিয়মীয়া বাৰ্তা ,  ৩ মে ::বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড: নয়নজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত বি এ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ শুভেচ্ছা মূলক এখন সভাত বি এইচ বি মহাবিদ্যালয়ৰ প্ৰকাশন কোষ আৰু বৰপেটাৰোডৰ কেন পাব্লিকেচনৰ দ্বাৰা প্ৰকাশিত “চুটিগল্প সমীক্ষা” নামৰ ৩৫০ পৃষ্ঠাৰ এখন সম্পাদিত গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড: নয়নজ্যোতি দাসে কয় যে –‘আজি চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এটা শুভ দিন। আনুষ্ঠানিকভাৱে শেষ দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ সম্মুখত এনে এখন সুন্দৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই মই ধন্য হৈছোঁ। গ্ৰন্থখনে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্নাতক বৰ্ষৰ প্ৰধান আৰু সাধাৰণ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰী সকলৰ প্ৰয়োজন পূৰাবলৈ সক্ষম হ’ব।’

আজি শুভেচ্ছা মূলক সভাৰ আগে আগে  ভাস্বতী হালৈয়ে “কেৰিয়াৰ কাউন্সেলিঙ”ৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলৰ আগত বক্তৃতা প্ৰদান কৰে আৰু শেষত এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে।

প্ৰতিযোগিতাত এনিশা বৰ্মনে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰে। আজি উন্মোচন হোৱা গ্ৰন্থ চুটি গল্প সমীক্ষাৰ সম্পাদনা কৰে সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: নমিতা দাস গুৰুং আৰু যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: সৰলা দাসে। গ্ৰন্থখনত অসমৰ চৌত্ৰিশগৰাকী লেখক লেখিকাৰ গৱেষণামূলক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। ড: ফণীধৰ তালুকদাৰ, ড: ৰুবী বৰা, ড: নমিতা চুতীয়া শইকীয়া, ড: মুনমী কোঁৱৰ, ড: দৰ্শনা গোস্বামী, ড: মৃদুস্মিতা বৰা ,ড: বিনীতা বৈশ্য, সিদ্ধাৰ্থ গৌতম দত্ত ,ড: কল্পনা বৈশ্যকে আদি কৰি বিশিষ্ট লেখক লেখিকাৰ গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ পাইছে। তাৰোপৰি উক্ত সভা খনৰ আঁ‌ত ধৰিছে ড° নমিতা দাস গুৰুঙ আৰু সবিতা তকবিপিয়ে ।

ভূষণ তালুকদাৰ ।

You might also like