নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃৰ সৈতে তাঁতশালত কাপোৰ বৈ পৰিয়াল চলোৱা মেধাবী ছাত্ৰী নিকিতাই পালে চৰকাৰী চাকৰি 

নিয়মীয়া বাৰ্তা, ৪ মে’: মাতৃৰ সৈতে তাঁতশালত কাপোৰ বৈ পৰিয়াল চলোৱা পিতৃহাৰা হাজো উধানপতাৰ মেধাবী ছাত্ৰী নিকিতা কলিতাই লাভ কৰিলে চৰকাৰী চাকৰি। আজি ঘোষণা হোৱা অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফলত নিকিতাৰ সাফল্যত দুজনীয়া পৰিয়ালটোত পৰিলক্ষিত হৈছে আনন্দৰ বন্যা। সম্পূৰ্ণ নিকা ব্যৱস্থাৰে চৰকাৰী চাকৰি লাভ কৰাত নিকিতাৰ মাক পূৰৱী কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। হাজো সুৰেন দাস মহাবিদ্যালয়ৰ স্নাতক পঞ্চম স্নান্মাসিকৰ ছাত্ৰী নিকিতা কলিতাই চৰকাৰী চাকৰি লাভ কৰাত হাজো ৰাজহ চক্ৰ বিষয়া অপ্ৰতিম গোস্বামী উপস্থিত হৈ নিকিতাক শুভেচ্ছা জনোৱাৰ লগতে হাজো ৰঙালী বিহু সন্মিলনী উদযাপন সমিতি, হাজো ক্ৰীড়া সন্থা, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসকে ব্যক্তি বিশেষে নিকিতাক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে পিতৃৰ বিয়োগৰ পিছত নিকিতাৰ মাকে দিন হাজিৰা আৰু তাঁতশালত কাপোৰ বৈ অতি কষ্টৰে নিকিতাক পঢ়ুৱাইছিল। নিকিতাই ধনৰ কোনো লেনদেন নোহোৱাকৈ চৰকাৰী চাকৰি লাভ কৰাত অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে সকলোৱে। আনহাতে হাজো ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি হাজোৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গত চৰকাৰী নিযুক্তি লাভ কৰা সকলক সম্বৰ্ধনা জনোৱা হ’ব।

You might also like