নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকল দুখীয়া ঘৰৰ ল’ৰা–ছোৱালীয়ে চাকৰি পাইছেঃ মুখ্যমন্ত্রী ড০ শর্মা

  •  সকলো জিলাত সমানুপাতিকভাৱে পদ বিতৰণ হৈছে

নিয়মীয়া বাৰ্তা, ৫ মে’: ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুর্থ বর্গৰ পদসমূহ পূৰণৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফলত সকলো জিলাতে সমানুপাতিকভাৱে পদ বিতৰণ হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ফলাফল ঘোষণাৰ পিছতেই  সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই ফলাফল অসমৰ বাবে এক অভিলেখ৷ সকলোকেইখন জিলাত সমানুপাতিকভাৱে পদ বিতৰণ হৈছে৷ প্রার্থী বাছনিৰ ক্ষেত্রত জিলা ভিত্তিত কোনো সংৰক্ষণৰ ব্যৱস্থা নাছিল যদিও ঘোষিত ফলাফলত বৰাক উপত্যকা, উজনি অসম, উত্তৰ অসম, নামনি অসম সকলোতে সমানুপাতিকভাৱে পদ বিতৰণ হোৱা দেখা গৈছে৷ তদুপৰি এই ফলাফলত অকল দুখীয়া ঘৰৰ ল’ৰা–ছোৱালীয়ে চাকৰি পাইছে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তিৰ বাবে প্রক্রিয়া আৰম্ভ কৰাৰ সময়ৰে পৰাই মুখ্যমন্ত্রী ড০ শর্মাই অকল মেধাৰ ভিত্তিত প্রার্থী বাছনি কৰি নিযুক্তি দিয়াৰ ক্ষেত্রত প্রাধান্য দি আহিছে৷ বিগত সময়ছোৱাত আৰক্ষী, শিক্ষাকে ধৰি বিভিন্ন বিভাগত হোৱা নিযুক্তি প্রক্রিয়াত অকল মেধাই যোগ্যতাৰ মাপকাঠী হিচাপে বিবেচিত হয়৷ অনুৰূপ ধৰণে  তৃতীয় আৰু চতুর্থ বর্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলতো মেধাই প্রাধান্য লাভ কৰা পৰিলক্ষিত হয়৷ যাৰ ফলত আৰক্ষী, শিক্ষা বিভাগৰ দৰে তৃতীয় আৰু চতুর্থ বর্গৰ চাকৰিৰ ক্ষেত্রতো অত্যন্ত গৰিৱ পৰিয়ালৰ সন্তানে চাকৰি লাভ কৰিবলৈ সক্ষম হয়৷

You might also like