নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৩ বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্বোধন

 

নিয়মীয়া বাৰ্তা;৫ মে::-কামৰূপ জিলাৰ বকো সমষ্ঠিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্ঠাত ২০০২ চনৰ জেঠ মাহৰ ২৫ তাৰিখ ৯ জুনত জন্মগ্ৰহন কৰিছিল এক সামাজিক,সাংস্কৃতিক তথা ক্ৰীড়া সংগঠন “ৰংমন সাংস্কৃতিক গোষ্ঠী”।২০০২ চনত জন্মগ্ৰহন কৰা সামাজিক,সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন “ৰংমনে” এইবেলি ২২ তম বৰ্ষত ভৰি দিলেহি।ৰংমন সাংস্কৃতিক গোষ্ঠীয়ে কেৱল সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাই নহয়;বিভিন্ন সময়ত সমাজৰ হিতৰ বাবে বহু কাম কৰি আহিছে।উল্লেখ্য যে “ৰংমন” গোষ্ঠীৰ দ্বাৰা আয়োজিত সাংস্কতিক সন্ধিয়াত বিগত ২১ টি বৰ্ষত অসমৰ লগতে মুম্বাই আদিৰ বহুকেইজন প্ৰতিষ্ঠিত জনপ্ৰিয় শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিছে।

একেদৰে অইনবেলিৰ দৰে এইবেলিও “ৰংমন সাংস্কৃতিক গোষ্ঠী”য়ে ২০২৩ ইং বৰ্ষৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৩ ইং বৰ্ষৰ শুক্ৰবাৰে সুকলমে পৰিচালনা কৰিবলৈ এখনি পুৰ্নাঙ্গ কমিটি গঠন কৰা হৈছে।এই সাংস্কৃতিক সন্ধিয়াৰ বাবে এইবেলি ছমৰীয়া সত্ৰৰ কিশোৰ কলিতাক সভাপতি আৰু যীচু বায়নক সাধাৰন সম্পাদক হিচাপে লৈ এখনি পুৰ্নাঙ্গ কমিটি গঠন কৰা হৈছে।

২০২৩ ইং বৰ্ষৰ সাংস্কৃতিক সন্ধিয়া খনি পৰিচালনা কৰাৰ বাবে শুক্ৰবাৰে ছমৰীয়া বাছ আস্থানত এটি অস্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে “ৰংমন সাংস্কৃতিক গোষ্ঠী”ৰ স্থায়ী কমিটিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক চক্ৰধৰ কলিতাই।চক্ৰধৰ কলিতাই ভাষন প্ৰসংগত অইনবেলিৰ দৰে এইবেলিও অনুষ্ঠানটো সূচাৰূৰূপে অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় লগতে উদ্ধোধনী অনুষ্ঠানত উপস্থিত থকা ছমৰীয়া সত্ৰৰ তপন মজুমদাৰ আৰু বনমালী দাসে আগন্তুক সাংস্কৃতিক সন্ধিয়া খনি শান্তিপূৰ্নভাৱে অনুষ্ঠিত কৰাৰ লগতে ৰংমনৰ জৰিয়তে স্থানীয় শিল্পীৰ প্ৰতিভাক আগুৱাই আনিবলৈ আহ্বান জনাই।এই অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ হৈ উপস্থিত অতিথিসকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।এই অনুষ্ঠানত উদযাপন সমতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন

You might also like