নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী মহোৎসৱৰ স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

 

 

নিয়মীয়া বাৰ্তা, ৫মে’:ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাটকটীয়া শিক্ষানুষ্ঠান, সুদীর্ঘ ডেৰশ বছৰীয়া স্বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ।অহা অক্টোবৰ মাহত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে বিদ্যালয়খনিৰ প্রতিষ্ঠা কালৰে পৰা সাম্প্ৰতিক সময়লৈ সকলো তথ্যপাতি তথা ইতিহাস সম্বলিত এখনি বৃহৎ কলেৱৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰিছে।ইন্দিবৰ বুঢ়াগোহাঁইৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থৰ বাবে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ,শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী আৰু শুভাকাংশী লেখক-লেখিকাৰ পৰা বিদ্যালয়ৰ সমন্ধীয় লেখা-ফটো আহ্বান কৰিছে।ইচ্ছুক লেখক-লেখিকাসকলে লেখাসমূহ ইন্দিবৰ বুঢ়াগোহাঞি,সম্পাদক, মাৰফৎ- গগৈ ব্ৰার্দাচ, ঢকুৱাখনা চাৰিআলি, ঢকুৱাখনা-৭৮৭০৫৫ ঠিকনাত অথবা buragohainidibar@gmail. com ত ই-মেইল কৰিব পাৰিব।লেখনিৰ লগত লেখকৰ নাম ঠিকনা,মোবাইল নম্বৰ আৰু এখন পাছপৰ্ট আকাৰৰ ফটো পঠাবলৈ আহ্বান জনাইছে।অধিক তথ্যৰ বাবে ৯৯৫৪৯৭৯৪৩৮ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like