নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰ কলবাৰীৰ শ্ৰীশ্ৰীৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱত অগণন ভক্তৰ সমাগম

  • থলুৱা সামগ্ৰীৰে নিৰ্মিত শিল্পকলাই দৃষ্টি কাঢ়িছে ভক্তিপ্ৰাণ ৰাইজৰ।

নিয়মীয়া বাৰ্তা, ৫ মে’ : পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ আজিৰ দিনটোত ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিত উপচি পৰিল ভৱানীপুৰৰ কলবাৰী গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীৰামচৰণ ঠাকুৰ আতা সত্ৰ।উল্লেখ্য,মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ অন্যতম প্ৰিয় শিষ্য শ্ৰীশ্ৰীৰামচৰণ ঠাকুৰ আতাই স্থাপন কৰা প্ৰথমখন গুৱাগাছা সত্ৰৰ পিছতেই সত্ৰাধিকাৰ গৰাকীৰ অনুগামী শিষ্যৰ দ্বাৰা কলবাৰী গাঁওত শ্ৰীশ্ৰীৰামচৰণ ঠাকুৰ আতা সত্ৰখন স্থাপন কৰা হৈছিল। সেই অনুসৰিয়েই সত্ৰখনৰ নাম শ্ৰীশ্ৰীৰামচৰণ ঠাকুৰ আতা সত্ৰ হিচাপে পৰিচিত হৈ আহিছে।উল্লেখ্য তিনিদিনীয়া ৯১ সংখ্যক পালনাম মহোৎসৱ কাৰ্যসূচীত কালি পুৱা ৯ বজাত সত্ৰ চৌহদত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে পালনাম মহোৎসৱ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।আজি পুৱা ৯-২৫ বজাত বাৰ ঘণ্টীয়া পালনাম স্থাপন কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে।উল্লেখ্য যে পালনাম স্থাপনৰ প্ৰাকমুহূৰ্তত ভকত আৰু আয়তীসকলে পৃথকে পৃথকে প্ৰসংগ অনুষ্ঠিত কৰে।বৰ্তমান অবিৰত হৰি নাম কীৰ্তনত এক দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ হৈ পৰিছে পালনাম মহোসৱস্থলী।ইতিমধ্যে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগমে গাঁওখনত এক নিৰ্মল আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।তদুপৰি সত্ৰ চৌহদৰ লগতে গাঁওখনৰ বিভিন্ন স্থানত গাঁওখনৰ বাসিন্দাসকলে থলুৱা কেচা সামগ্ৰীৰে নিৰ্মিত সত্ৰীয়া ভংগীমাৰ উপৰিও অসমীয়া লোকসংস্কৃতিৰ আধাৰত নিৰ্মাণ কৰা বিভিন্ন শিল্পৰ প্ৰদৰ্শনে সমবেত ভক্তিপ্ৰাণ ৰাইজক বাৰুকৈয়ে আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।পালনামৰ সামৰণিৰ পিছতেই নিশা ৮ বজাত মহোৎসৱস্থলীত বীৰনাম সমাৰোহ অনুষ্ঠিত হ’ব।উল্লেখ্য,আজি অনুষ্ঠিত পালনাম মহোৎসৱৰ কাৰ্যসূচীত সমষ্টিটোৰ বিধায়ক ফণীধৰ তালুকদাৰেও অংশগ্ৰহণ কৰে।

 

প্ৰেৰক :: ভূষণ তালুকদাৰ ,সৰুপেটা

You might also like