নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ নেচনেল ইনষ্টিটিউট অব ডিজাইনত শিক্ষাৰ্থীৰ প্ৰতিবাদ; নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৫ মে’: যোৰহাটস্থিত দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান নেচনেল ইনষ্টিটিউট অব ডিজাইন টেকনলজীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে কালি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী শিক্ষাৰ্থীসকলে জানিবলৈ দিয়া মতে শিক্ষানুষ্ঠানখনত দীৰ্ঘদিনধৰি নিম্নমানৰ খাদ্যৰ লগতে পানী যোগান ধৰি অহা হৈছে।উল্লেখনীয় যে দেশৰ বিভিন্ন প্ৰান্তৰৰ শিক্ষাৰ্থীয়ে প্ৰতিষ্ঠানখনত অধ্যয়ন কৰি আহিছে। শিক্ষানুষ্ঠানত যোগানধৰা খাদ্য আৰু পানী খাই বহু শিক্ষাৰ্থী ডায়েৰীয়াত আক্ৰান্ত হোৱা বুলিও তেওঁলোকে কয়। ক্ষোভিত ছাত্ৰ ছাত্ৰীসকলে এন আই ডিক নেচনেল ইনষ্টিটিউট অব ডায়াৰীয়া বুলিহে অভিহিত কৰিছে।

 

নবজ্যোতি তামুলী,চিনামৰা

You might also like