নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক উপত্যকাৰ বিভিন্ন বিভাগৰ কামকাজৰ পৰ্যালোচনা মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ৫ মে’: কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শিলচৰত সংশ্লিষ্ট বিভাগসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিভাগীয় বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সংশ্লিষ্ট বিভাগসমূহৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হোৱা এই বৈঠকত মন্ত্ৰী বৰাই কৃষি বিভাগে ৰূপায়ণ কৰি থকা পি এম কিষাণ, ৰাষ্ট্ৰীয় ভোজ্য তেল – তৈল খেজুৰ অভিযান, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, অসম মিলেট মিচন, জ্ঞান কেন্দ্ৰ নিৰ্মাণ আদি আঁচনি সমূহৰ ৰূপায়ণ খৰতকীয়া কৰি তোলাৰ লগতে  সকলো যোগ্য কৃষকেই যাতে পি এম কিষাণ আঁচনিৰ অন্তৰ্ভুক্ত হয় সেই দিশটোত বিশেষভাবে গুৰুত্ব দিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে অধিক সংখ্যক কৃষকক সামৰি লোৱাৰ  লগতে   আঁচনিসমূহৰ বাবে মঞ্জুৰ কৰা ধনৰ সঠিক ব্যৱহাৰৰ লগতে পুঁজি ব্যৱহাৰৰ প্ৰমাণপত্ৰ নিয়মীয়াভাবে দাখিল কৰিবলৈকো মন্ত্ৰী বৰাই বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

পশুপালন বিভাগে ৰূপায়ণ কৰি থকা আঁচনিসমূহ পৰ্যালোচনা কৰি পশুপালন বিভাগৰো মন্ত্ৰী বৰাই কয় যে, পশুপালকসকলৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পশুপালন খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ পশুপালন খণ্ডৰ বিকাশত অগ্ৰাধিকাৰভিত্তিত গুৰুত্ব আৰোপ কৰিছে আৰু ৰাজ্যখনক গাখীৰ, মাংস আৰু কণী উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ বাবে বিভিন্ন সংস্কাৰধৰ্মী পদক্ষেপ গ্ৰহণ কৰিছে।  এই পদক্ষেপৰ অংশ হিচাপেই কাছাৰ জিলাত এটা দৈনিক ১লাখ লিটাৰ গাখীৰ সংসাধন কৰিব পৰা  গোট এটা স্থাপন কৰিবলৈ লোৱা হৈছে।  কৃষি আৰু ইয়াৰ সহযোগীখণ্ডসমূহৰ বিকাশৰ জৰিয়তে অসমক দেশৰ পাঁচখন অগ্ৰণী ৰাজ্যৰ এখন হিচাপে প্ৰতিষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা উদ্যোগক বাস্তৱত পৰিণত কৰিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰী বৰাই সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়।

পৰ্যালোচনা বৈঠকত মন্ত্ৰী বৰাই  বৰাক উপত্যকাত পশুধনৰ চিটাকৰণ অভিযান, পশুধনৰ বাবে প্ৰয়োজনীয় দৰৱৰ উপলব্ধতা আদি বিষয়সমূহো খৰচি মাৰি আলোচনা কৰে। তেওঁ আন্ত:ৰাজ্যিক সীমান্তৰ বৰ্তমানৰ স্থিতিৰ সন্দৰ্ভতো বৈঠকত পৰ্যালোচনা কৰে।  কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত বিধায়কদ্বয় মিহিৰ কান্তি সোম আৰু দীপায়ন চক্ৰৱৰ্তীৰ লগতে জিলা প্ৰশাসনৰ আৰু সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।

You might also like