নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ দৈমালুত গাড়ীৰ ভিতৰত যুৱতীক বলাৎকাৰ কৰি অশ্লীল ভিডিঅ’ প্ৰস্তুত; ৫ অভিযুক্তক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ মে’: গাড়ীৰ ভিতৰত যুৱতীক বলাৎকাৰ কৰি অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰা চাৰি অভিযুক্তক আজি হাৱাজান আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গহপুুুৰত চলন্ত গাড়ীৰ ভিতৰত এগৰাকী যুৱতীক বলাৎকাৰ কৰি সেই বলাৎকাৰৰ দৃশ্য ভিডিঅ’ আকাৰে বাণীবদ্ধ কৰি এক জঘন্য কাণ্ড সংঘটিত কৰি অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দৈমালু অঞ্চলৰ ৫ যুৱক। যোৱা ২ মে’ৰ সন্ধিয়া সংঘটিত হোৱা উক্ত জঘন্য ঘটনাটো আজিহে পোহৰলৈ আহে। জানিব পৰামতে-দৈমালুৰ এগৰাকী ২০ বছৰীয়া যুৱতীক সন্ধিয়া নিজ গৃহৰ পদূলিৰ পৰা এখন গাড়ীয়ে অপহৰন কৰি নিয়ে ৫ জনীয়া এটা যুৱকৰ দলে। তাৰ পিছত চলন্ত গাড়ীৰ ভিতৰতেই ৫ জনীয়া যুৱকৰ দলটোৰ ভিতৰৰ পৌৰাংচাৰগৌৰা বসুমতাৰী(৩০) নামৰ যুৱক জনে বলাৎকাৰ কৰে যুৱতীগৰাকীক।গাড়ীখনত যোৱা বাকী চাৰিজন যুৱক তথা পৌৰাংচাৰগৌৰাৰ ৪ বন্ধুৱে নিজৰ নিজৰ মবাইলত সমগ্ৰ বলাৎকাৰৰ দৃশ্য ৰেকৰ্ডিং কৰে।গাড়ীৰ ভিতৰত অসহায় যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত যুৱকৰ দলটোৱে আদবাটত যুৱতীগৰাকীক নমাই থৈ যায়। অসহায় অৱস্থাত যুৱতীগৰাকী নিজৰ ঘৰত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ লোকৰ আগত সমস্ত কথা বিৱৰি কয় তেওঁ। যুৱতীগৰাকীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰথম অৱস্থাত আইনৰ কাষ চপাৰ কথা চিন্তা কৰা হোৱা নাছিল যদিও পিছত ঘটনাটোৰ বিষয়ে এজাহাৰ দিয়াৰ বাবে সিদ্ধান্ত উপনীত হয় পৰিয়ালৰ লোক। সেই অনুসৰি যোৱা ৪ মে’ৰ নিশা উক্ত বলাৎকাৰ কাণ্ড আৰু ভিডিঅ ৰেকৰ্ডিংৰ বিষয়ে উল্লেখ কৰি হাৱাজান আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে। উক্ত এজাহাৰৰ ভিত্তিত হাৱাজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৪ মে’ৰ পুৱতি নিশা অভিযান চলাই উক্ত ঘটনাৰ মূল মাষ্টাৰমাইণ্ড এক নং নাছেৰবাৰীৰ মুনীন্দ্ৰ বসুমতাৰীৰ পুত্ৰ পৌৰাংচাৰগৌৰা বসুমতাৰী(৩০)সহ তেওঁৰ চাৰিগৰাকী বন্ধু ক্ৰমে এক নং নাছেৰবাৰীৰ অংগল বসুমতাৰীৰ পুত্ৰ বিপুল বসুমতাৰী(৩৫),দৈমগুৰীৰ কুঞ্জ বসুমতাৰীৰ পুত্ৰ চংখুৰ বসুমতাৰী(২৫),মণ্ডল গয়াৰীৰ পুত্ৰ চোহেন গয়াৰী(২৬) আৰু গন্ধাবীলৰ কৰ্মেশ্বৰ মুছাহাৰীৰ পুত্ৰ বিশ্বজয় মুছাহাৰী(২১)ক গ্ৰেপ্তাৰ কৰি আজি আটাইকেইজনকে বিশ্বনাথৰ জেললৈ প্ৰেৰণ কৰে ।উক্ত বলাৎকাৰ কাণ্ডত ব্যৱহৃত নীলা ৰঙৰ AS 32 A 1356 নম্বৰৰ মাৰুতীৰ ব্ৰীজা গাড়ীখনো জব্দ কৰিছে আৰক্ষীৰ অভিযানকাৰী দলটোৱে। ধৃত ৫ যুৱকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধী আইনৰ ১২০(বি), ৩৬৬, ৩৭৬(ডি), ৫১১, ৩৮৫, ৩৮৪ আৰু ২৯৪ ধাৰাৰ অধীনত ৯০/২০২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
বিপুল কুমাৰ দিহিঙীয়া
You might also like