নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিপষ্টিক, কাজল লগাই ষ্টাইল মাৰি থানালৈ ডাঃ সংগীতা দত্ত

নিয়মীয়া বাৰ্তা, ৭ মে’: সভ্য সমাজক বিদীর্ণ কৰা শিশু নির্যাতনৰ ঘটনা। ক্ষমতাশালী ব্যক্তিৰ সৈতে উঠা–বহা কৰা, সময় পালেই সমাজৰ বর্ধিত অপৰাধক লৈ তত্ত্বগধুৰ বিশ্লেষণ আগবঢ়োৱা এক চিকিৎসক দম্পতীৰ মুখাৰ আঁৰৰ মুখ দেখি এতিয়া সকলোৱে ঘৃণাত নাক কোঁচাইছে৷ চিকিৎসক দম্পতী ক্রমে ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই কৰা শিশু নির্যাতনৰ ঘটনাই সর্বত্র সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ৷ চিকিৎসকৰূপী পতি–পত্নীৰ আসুৰিক বর্বৰতা দেখি কার্যতঃ সমগ্র ৰাজ্য স্তম্ভিত হৈ পৰিছে৷ ভয়ংকৰ তথা পৈশাচিক কাণ্ডত লিপ্ত হোৱা ডাক্তৰ দম্পতীক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। কিন্তু গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে কেইখনমান বিশেষ ফটো।

শনিবাৰে নিশা গ্ৰেপ্তাৰৰ পূৰ্বে লিপষ্টিক, কাজল লগাই ষ্টাইল মাৰি থানালৈ গৈছিল সংগীতা দত্ত। গ্ৰেপ্তাৰৰ সময়তো ৰূপচৰ্চাত ব্যস্ত শিশু নিৰ্যাতনত অভিযুক্ত সংগীতা দত্ত। এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে কোনো অনুসূচনাত ভোগা নাই ডাঃ সংগীতা দত্তই।

উল্লেখ্য যে শনিবাৰে নিশা ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে ন ন তথ্য। দত্তই দুয়োটা সন্তানেই তেওঁলোকৰ নিজৰ সন্তান নহয় বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। লগতে শিশু দুটাৰ পিতৃ-মাতৃৰ পৰিচয় নাজানো বুলিও স্বীকাৰ কৰিছে ডাঃ দত্তই।

ইফালে ঘটনা সন্দৰ্ভত ADCP নন্দিনী কাকতিয়ে প্ৰকাশ কৰিছে যে সংগীতা দত্তই এতিয়ালৈকে শিশুটিক নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰা নাই।

You might also like