নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবটল ৱাইন–ললিপপেৰে অৰণ্যত পাঁচ দিন নিঃসংগ জীৱন

নিয়মীয়া বাৰ্তা, ৮ মে’: ৰাস্তা ভুল কৰি গভীৰ অৰণ্যত গাড়ীৰে প্রৱেশ কৰিছিল এগৰাকী মহিলাই৷ যেতিয়ালৈকে মহিলাগৰাকীয়ে এই কথা উপলব্ধি কৰে যে তেওঁ গৈ থকা পথটো পৰিচিত নহয়, তেতিয়ালৈকে বহু পলম হৈ গৈছিল৷ উভতি অহাৰ পথ হেৰুৱাই পেলাইছিল মহিলাগৰাকীয়ে৷ অৰণ্যৰ একেবাৰে গভীৰত গৈ প্রৱেশ কৰে মহিলাগৰাকীৰ গাড়ী৷ এক বোকাময় পিটনিত গাড়ীখন গৈ আবদ্ধ হৈ পৰাৰ ফলত মহিলাগৰাকীয়ে অৰণ্যতে কটাবলগীয়া হয়৷ অন্ধকাৰ নামি অহাৰ বাবে নিজৰ গাড়ীৰ ভিতৰতেই শুই পৰাৰ সিদ্ধান্ত লয় মহিলাগৰাকীয়ে৷ নিউজ ডট কম ডট ইউৰ প্রতিবেদন অনুসৰি ৩০ এপ্রিলৰ দিনা নিখোজ হৈছিল মহিলাগৰাকী৷ ঘৰলৈ উভতি নহাৰ বাবে মহিলাগৰাকীৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়ে৷ পাঁচ দিন ধৰি অৰণ্যত আবদ্ধ হৈ থকাৰ পিছত ৪৮ বছৰীয়া লিলিয়ান নামৰ মহিলাগৰাকীক মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে৷ লিলিয়ানে দাবী কৰা অনুসৰি এই পাঁচ দিনৰ নিঃসংগতা তথা অৰণ্যবাস আছিল তেওঁৰ বাবে অতি ভয়াৱহ৷ লগত খাবলৈ একো নাছিল৷ উপহাৰ হিচাপে দিবলৈ এটা ৱাইনৰ বটল আৰু কেইটামান ললিপপ আছিল লিলিয়ানৰ হাতত৷ পাঁচ দিন ধৰি সেই এবটল ৱাইন আৰু ললিপপ খাই অৰণ্যত নিঃসংগ জীৱন কটাবলগীয়া হয় লিলিয়ানে৷ অষ্ট্রেলিয়াৰ ভিক্টোৰিয়াৰ এই ঘটনাটোৱে আন্তর্জাতিক সংবাদ মাধ্যমত বিশেষ চর্চা লাভ কৰিছে৷ দুঃসাহসিক যাত্রা হিচাপে লিলিয়ানৰ এই কাহিনীক বিভিন্ন সংবাদ সংস্থাই উপস্থাপন কৰিছে৷

You might also like