নিয়মীয়া বাৰ্তা, ৮ মে’ : গোৱালপাৰাৰ দূধনৈ সমষ্টিৰ অন্তৰ্গত খুটাবাৰী গাওঁ পঞ্চায়তত ধোঁৱাচাঙত উঠিছে ৰাজ্য চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনি৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ অৰুণোদয় আঁচনিত বিভিন্ন ধৰণৰ দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ সময়তেই এইবাৰ খুটাৱাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত তেলীপাৰা-কাউৰীডুবি গাওঁত অৰুণোদয় আঁচনিৰ নামত বিভিন্ন ধৰনৰ খেলিমেলি দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উথাপন কৰিছে গাওঁখনৰ একাংশ বঞ্চিত হিতাধিকাৰীয়ে৷ প্ৰাপ্ত অভিযোগ মতে, ৰংজুলি মণ্ডল বিজেপিৰ এগৰাকী বুথ সম্পাদকে ধন বল ,বাহু বলেৰে অৰুণোদয় আঁচনিত নানা ধৰণৰ দুৰ্নীতি অনিয়মৰ লগতে বিভিন্ন ধৰণৰ খেলিমেলি সংঘটিত কৰাৰ লগতে তেওঁৰ ছত্ৰছায়াতে উল্লেখিত গাওঁখনত চৰকাৰে দুখীয়া ,বিধৱা ,বিকলাংগ মহিলা সকলৰ উত্থানৰ লক্ষ্যৰে হাতত লোৱা অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি- অনিয়মৰ লগতে দলীয় ক্ষমতাৰে প্ৰকৃত হিতাধিকাৰীক ৰহস্যজনক ভাবে বঞ্চিত কৰি নিজৰ আত্মীয়-স্বজনৰ নাম অন্তৰ্ভুক্ত কৰাৰ আন এক চাঞ্চল্যকৰ অভিযোগ কৰিছে বঞ্চিত হিতাধিকাৰীয়ে৷ উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অৰুণোদয় আঁচনি ৰূপায়ণত দুৰ্নীতি অনিয়ম হোৱাৰ সময়তে ৰংজুলি মণ্ডল বিজেপিৰ বুথ সম্পাদক গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে তেনে এক গুৰুতৰ অভিযোগ। তাকে কেন্দ্ৰ কৰি সমগ্ৰ গাওঁতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ বুথ সম্পাদকগৰাকীৰ লগতে ৱাৰ্ড সদস্যগৰাকীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উঠিছে একেই দুৰ্নীতিৰ। উল্লেখ্য যে, দুৰ্নীতিগ্ৰস্ত বিজেপি কৰ্মী ওৱাৰ্ড সদস্যসকলৰ বাবেই দুখীয়া ,যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি অৰুণোদয়ৰ আঁচনি পালে গাঁৱৰ ধনী শ্ৰেণীৰ লোকেহে ,তালিকাৰ পৰা ধনী মানুহৰ নাম কৰ্ত্তন কৰি যোগ্য দুখীয়াসকলৰ নাম সন্নিবিষ্ট কৰাৰ দাবীত আজি তেলীপাৰা-কাউৰীডুবি গাঁৱৰ বঞ্চিত হিতাধিকাৰীয়ে ৰাজপথলৈ ওলাই আহি সাৱ্যস্ত কৰিলে উত্তাল প্ৰতিবাদ৷ দুৰ্নীতি নচলিব, অৰুণোদয় আঁচনি আমাক লাগিবই, অৰুণোদয়ৰ নামত ধন লোৱা নচলিব, দুখীয়াক বাদ দি অৰুণোদয় আঁচনি ধনীক দিয়া নচলিব, অৰুণোদয়ৰ দুৰ্নীতিৰ তদন্ত কৰক আদি শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইপিনে প্ৰতিবাদকাৰী সকলে চৰকাৰী অভিলাষী আঁচনিত সংঘটিত দুৰ্নীতি অনিয়মৰ তদন্তৰ দাবীৰে হিতাধিকাৰী তালিকা পুনৰাই প্ৰস্তুত কৰাৰ দাবীৰে গাঁৱৰ দুখীয়া বঞ্চিত হিতাধিকাৰীয়ে, চৰকাৰ তথা জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবীৰে লিখিত আবেদন প্ৰেৰণ কৰিছে ৷ পিছে সংশ্লিষ্ট বিভাগ কিম্বা চৰকাৰে চৰকাৰী আঁচনিত দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে ? সকলোৰে বাবে এক উত্তৰহীন প্ৰশ্ন
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস