অমৌচুমী বৰষুণ-বৰফত বিপৰ্যস্ত কাশ্মীৰ-লাডাখ
বিশেষ বাৰ্তা, ৮ মেঃ জম্মু-কাশ্মীৰ আৰু লাডাখত অমৌচুমী বৰফ আৰু বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। একে সময়তে বিষয়াসকলে বিভিন্ন উদ্ধাৰ অভিযানত কমেও ১০জন পৰ্যটক, যাযাবৰী পশুপালক আৰু তেওঁলোকৰ জীৱ-জন্তু ৰক্ষা কৰিছে। যোৱা ৯৬ ঘণ্টাত বতৰ সম্পৰ্কীয় ঘটনাত এতিয়ালৈকে কমেও ৬জন লোকৰ মৃত্যু হৈছে। ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোৰ সৰ্বনিম্ন উষ্ণতা ৫-১০ ডিগ্ৰীৰ ভিতৰত হ্ৰাস পাইছে। কাশ্মীৰলৈ যোৱাৰ পথত কুলগাম জিলাৰ কাজিগুণ্ড অঞ্চলৰ পুৰণি সুৰংগ (জৱাহৰ সুৰংগ)ৰ সমীপত আবদ্ধ হৈ পৰে ৮জন পৰ্যটককে ধৰি কমেও ১০জন লোক। অভাৱনীয় বৰফ পৰাৰ বাবে সুৰংগটোৰ ওচৰতে আবদ্ধ হৈ পৰিল সকলো। আৰক্ষীয়ে জনোৱা মতে, “আৱদ্ধ হৈ থকাসকলৰ ভিতৰত আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৮জন পৰ্যটক, গাড়ীখনৰ চালক আৰু সহায়ক।” বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনত অধিক বৰষুণৰ ভৱিষ্যদ্বাণী কৰাৰ লগতে আগন্তুক ২৪ ঘণ্টাৰ বাবে তাপমাত্ৰা হ্ৰাস পোৱাৰ ইংগিত দিছে। ৰাজ্যত হোৱা বৰষুণৰ ফলত আপেল, চেৰী, এপ্ৰিকোট, আলমণ্ড, আখৰোটৰ দৰে উদ্যান শস্যৰ প্ৰভাৱ পৰিব। বতৰ বিজ্ঞান বিভাগে ৯ মে’ৰ সন্ধিয়াৰ পৰা “উল্লেখযোগ্য” উন্নতিৰ পূৰ্বাভাস দিয়াৰ সময়তো আজিও জম্মু-কাশ্মীৰত বৰষুণ আৰু অমৌচুমী বৰফৰ পৰিমাণ অব্যাহত আছে। আজি জম্মু-কাশ্মীৰত বৰষুণ, ডাৱৰ আৰু ঠাণ্ডা হ’ব আৰু ৯ মে’ৰ পৰা ইয়াৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। কাশ্মীৰৰ পাহাৰীয়া অঞ্চলৰ গুৰেজ, সোণামাৰ্গ, গুলমাৰ্গ, কুলগাম, অনন্তনাগ, পিৰ কি গালিকে ধৰি বহু অঞ্চলত প্ৰচণ্ড বৰফ পৰাৰ বিপৰীতে ভৈয়াম অঞ্চলতো বৰষুণ হৈছিল। ইয়াৰ বাবে বহু ঠাইত হঠাৎ বানপানীৰ সৃষ্টি হৈছে। দক্ষিণ অনন্তনাগ জিলাৰ জিলা প্ৰশাসনে কোকেৰনাগ অঞ্চলৰ মাৰ্গান টপত পশুধনৰ সৈতে আবদ্ধ হৈ থকা প্ৰায় বিশটা পৰিয়ালক উদ্ধাৰৰ বাবে ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰে। মাৰ্গান টপৰ ওচৰৰ নভাকানত হোৱা দুৰ্দশাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজহ, আৰক্ষী, সেনা, চিআৰপিএফ, মেডিকেল, এএছএইচ, এছআৰটিচিৰ যৌথ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল। নতুন বতৰ ব্যৱস্থাৰ বাবে পীৰ পাঞ্জল ৰেঞ্জত অবিৰত বৰষুণ, ক্ষন্তেকীয়া বানপানী, ধুমুহা আৰু বৰষুণৰ লগতে দুপৰীয়া বা সন্ধিয়া বৰফ পৰাৰ আশংকা কৰা হৈছে। কুলগামত ভেড়াৰখীয়াৰ দল এটাক বচাবলৈ এক বৃহৎ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু কুৰিগামত ২৫০ৰো অধিক ভেড়া পানীত আবদ্ধ হৈ পৰে। উদ্ধাৰ অভিযানৰ অন্তত যাযাবৰী পৰিয়াল আৰু তেওঁলোকৰ পশুধন সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়। বতৰ বিজ্ঞান বিভাগে কৃষকসকলক ফলৰ বাগিচাত স্প্ৰে’ কৰা আৰু শস্য চপোৱা কাম পিছুৱাই দিয়াৰ পৰামৰ্শ পুনৰবাৰ প্ৰকাশ কৰাৰ লগতে পৰ্যটকসকলক বতৰ অনুসৰি গৰম কাপোৰ আৰু খাদ্য সামগ্ৰী সাজু কৰি ৰাখিবলৈও পৰামৰ্শ দিয়া হৈছে। অপূৰ্বানুমানিক বতৰ ব্যৱস্থাৰ বাবে কৃষকসকলে বৰষুণ বন্ধ হোৱাৰ পিছত কীটনাশক ছটিয়াবলৈ আৰম্ভ কৰিব লাগে, কিন্তু অমৌসুমী বৰফ পৰিলে পাহাৰীয়া অঞ্চলত শস্যৰ ক্ষতিসাধন হৈছে। একেদৰে ড্ৰাছ আৰু জোজিলাত অমৌচুমী বৰফ পৰাৰ ফলত ডাঠ তৰপেৰে আবৃত ভেণ্ডি গছৰ যথেষ্ট ক্ষতি হৈছে। যোৱা ২৪ ঘন্টাত শ্ৰীনগৰত ১.৬ মিলিমিটাৰ, কাজিগুণ্ডত ৪৯.৮ মিলিমিটাৰ, পহলগামত ১৫.১ মিলিমিটাৰ, কুপোৱাৰাত ৮.২ মিলিমিটাৰ, কুকৰনাগ ৬২.২ মিলিমিটাৰ, গুলমাৰ্গত ১০.৮ মিলিমিটাৰ, জম্মুত ২.৭ মিলিমিটাৰ, বানিহালত ৪০.২ মিলিমিটাৰ, বাটতে ২০.৩ মিলিমিটাৰ, ৬.৪ মি.মি ভাদেৰৱাহত ৯.০ মিলিমিটাৰ অমৌচুমী বৰষুণ পৰিছে। প্ৰচণ্ড তুষাৰপাত আৰু হিমস্খলনৰ সম্ভাৱনাৰ বাবে কৰ্তৃপক্ষই সকলো যান-বাহনৰ বাবে বন্ধ কৰি দিছে সিন্থান পাছ, জোজিলা আৰু মাৰ্গান টপ ৰোডত।