নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ সভাপতিক সম্বৰ্ধনা ডিব্ৰুগড় জিলা লেখিকা সমাজৰ

বিশেষ বাৰ্তা, ৮ মেঃ অসমীয়া কলা-সাহিত্য জগতৰ পুৰোধা ব্যক্তিসকলৰ অক্ষয় কীৰ্তি তথা অসমীয়া ভাষাৰ ঐতিহ্য যুগমীয়া কৰি ৰাখিব লাগিব–এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ।তেওঁ কয়–অসম সাহিত্য সভাৰ সভাপতি স্বৰূপে, তেওঁৰ কাৰ্যকালত অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ উন্নতি কল্পে কাম কৰি যোৱাৰ লগতে, অসমৰ যুৱ-প্ৰজন্মৰ মাজত ভাষা সাহিত্যৰ প্ৰতি সচেতনতা বৃদ্ধিৰ হেতু, অসমীয়া কলা-সাহিত্য জগতৰ পুৰোধা ব্যক্তিসকলৰ অক্ষয় কীৰ্তি তথা অসমীয়া ভাষাৰ ঐতিহ্য যুগমীয়া কৰি ৰাখিবৰ হেতু,অসমৰ বিভিন্ন স্থানত স্তম্ভ নিৰ্মাণ,মিউজিয়াম আৰু বিশ্ববিদ্যালয়কে আদি কৰি পৰিকল্পিতভাবে বিভিন্ন ৰাজহুৱা স্থানত, প্ৰকাশিত গ্ৰন্থ, পত্ৰিকা, আলোচনীৰ ডিচ্প্লে ৰখাৰ বাবে বিবেচনাৰ কথা ডিব্ৰুগড় জিলা লেখিকা সমাজৰ আগত সদৰী কৰে।অসম সাহিত্য সভাৰ সভাপতি তথা ডিব্ৰুগড়ৰ আমোলাপট্ৰিৰ নিবাসী সূৰ্যকান্ত হাজৰিকাক আজি ডিব্ৰুগড় জিলা লেখিকা সমাজৰ উপদেষ্টা,সভাপতি, সম্পাদক সহিতে বিষয়ববীয়াৰ এটা সজাতি দলে নিজ গৃহত সাক্ষাৎ কৰি অসমীয়া নৱবৰ্ষৰ শুভকামনা তথা সম্বৰ্দ্ধনা-পত্ৰ,গামোচা আৰু অংগবস্ত্ৰেৰে সন্মান জনোৱাৰ লগতে, ডিব্ৰুগড় জিলা লেখিকা সমাজৰ ছয়মহীয়া পত্ৰিকা মহাশ্বেতাও আগবঢ়ায়।সাক্ষাৎ পৰ্বত সভাপতি সূৰ্যকান্ত হাজৰিকাই লেখিকা সমাজলৈ শুভেচ্ছা জনোৱাৰ লগতে,সমাজ তথা সাহিত্য-সংস্কৃতিৰ দিশত গঠনমূলকভাবে বৰঙণি আগবঢ়াই কাম কৰি যাবৰ বাবে, উদ্গনি জনায়। লেখিকা সমাজৰ তৰফৰ পৰা সভাপতিৰ অসম সাহিত্য সভাৰ বাৰ্তা পত্ৰিকাৰ আহবায়ক গৌতম গগৈকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like