নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বছৰৰ পৰা ৰাজ্যিক ভিত্তিত হ’ব শিক্ষক নিযুক্তিৰ পৰীক্ষা

  • টেট উত্তীর্ণ–বিএড ডিগ্রী লাভৰ পিছতো নিযুক্তিৰ বাবে অৱতীর্ণ হ’ব লাগিব আন এক পৰীক্ষাত–ড০ শর্মা

 

নিয়মীয়া বাৰ্তা, ১১ মে’: অহা বছৰৰ পৰা ৰাজ্যিক ভিত্তিত হ’ব শিক্ষক নিযুক্তি বাছনি পৰীক্ষা৷ টেট উত্তীর্ণ, বিএড ডিগ্রী লাভৰ পিছতো শিক্ষক পদত নিযুক্তিৰ বাবে অৱতীর্ণ হ’ব লাগিব আন এক পৰীক্ষাত৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শিক্ষক নিযুক্তিৰ প্রক্রিয়া সলনি কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান বহুতেই ৰাজ্যৰ বাহিৰৰ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বি এড উত্তীর্ণৰ চার্টিফিকেট লাভ কৰি আহিছে৷ ৰাজ্যৰ বাহিৰৰ সেইসমূহ মুক্ত বিশ্ববিদ্যালয় ইউজিচিৰ অনুমোদন অনুসৰি চলি আহিছে যদিও সেইসমূহ শিক্ষানুষ্ঠানত ছাত্র–ছাত্রীয়ে কেতিয়াও শিক্ষা গ্রহণৰ বাবে যাব নালাগে৷ কেৱল পৰীক্ষাৰ সময়ত পৰীক্ষাগৃহত বহিলেই হ’ল৷ তাৰ পৰা লাভ কৰা চার্টিফিকেটসমূহ ভুৱা নহয়৷ কিন্তু অসমৰ পৰা যিসকলে বিএড ডিগ্রী লয় তেওঁলোকে বহু কষ্ট কৰিব লাগে৷ ইয়াৰ পৰিপ্রেক্ষিতত চৰকাৰে অহা বছৰৰ পৰা শিক্ষক পদৰ ক্ষেত্রত টেট উত্তীর্ণ, বিএড ডিগ্রী থাকিলেও এটা লিখিত পৰীক্ষাৰ ব্যৱস্থা কৰিব৷ সেই লিখিত পৰীক্ষাৰ ফলাফলৰ ভিত্তিতহে শিক্ষক পদৰ বাবে বাছনি কৰা হ’ব৷ টেট, বিএড আদি শিক্ষক পদৰ বাবে অর্হতাহে৷ সুকীয়াকৈ লিখিত পৰীক্ষা অনুষ্ঠিত নকৰিলে অহা কেইটামান বছৰত ক’ভিডৰ সময়ছোৱাত উত্তীর্ণসকলেই বাছনিত উঠিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিডকালত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ ছাত্র–ছাত্রীসকলক যথেষ্ট নম্বৰ দিয়া হৈছে৷ ফলত পূর্বৰ শিক্ষার্থীসকল বঞ্চিত হ’ব৷ তদুপৰি জিলা ভিত্তিত বাছনিৰ পৰিৱর্তে ৰাজ্যিক ভিত্তিত বাছনি কৰা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ছোৱালী আৰু দিব্যাংগসকলক গৃহ জিলা বা চুবুৰীয়া জিলাত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব৷

You might also like