নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ শ্লীলতা হানি : বেলশৰৰ শিঙিমাৰা আৰক্ষী চকীৰ আইচি মোহন দলেক নিলম্বন

বিশেষ বাৰ্তা, ১১ মেঃ ৰক্ষকে ভক্ষকৰ ৰূপত অৱতীৰ্ন নলবাৰীৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এক গুৰুতৰ  অভিযোগ দাখিল হ’ল আৰক্ষী থানাত।এগৰাকী মহিলাৰ শ্লীলতা হানিৰ গোচৰত অভিযুক্ত হৈ নলবাৰী জিলাৰ বেলশৰ শিঙিমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া(আই চি) মোহন দলে চাকৰিৰ পৰা নিলম্বন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখ্যযে,আৰক্ষীৰ খাকী পোচাক পিন্ধি জনতাক সুৰক্ষা দিয়া চৰকাৰী আৰক্ষী কৰ্মচাৰীগৰাকীয়ে আইন অমান্য কৰি কোনো স্ত্ৰী লোকৰ শ্লীলতাহানি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া মোহন দলেৰ বিৰুদ্ধে।এই গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুদিনমান পূৰ্বে এগৰাকী ভুক্তভোগী মহিলাই স্থানীয় বেলশৰ থানাত এখন এজাহাৰ দাখিল কৰে। গোচৰৰ তদন্ত কৰিবলৈ গৈ মহিলাক আতিশয্য চলোৱাৰ অভিযোগ উঠা আৰক্ষী বিষয়া দলেৰ গোচৰ সন্দৰ্ভত বেলশৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৬৬/১৬৬(এ)/৩৫৪ (এ) ধাৰাৰ অধীনত ১২৮/২৩ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত চলায়। আৰক্ষীয়ে বিভাগীয় ভাবে গোচৰৰ তদন্ত চলাই থকাৰ সময়তে কালি অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰে। ভুক্তভোগী মহিলা গৰাকীৰ গোচৰৰ ভিত্তিত নিলম্বিত হোৱা শিঙিমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মোহন দলেক তৎকালে চাকৰিৰ পৰা নিলম্বিত কৰা বিষয়টোৱে ৰাইজৰ মাজত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।জানিব পৰা মতে,ছয়মাহ পূৰ্বে শিঙিমাৰা আৰক্ষী চকীত যোগদান কৰা মোহন দলেৰ বিৰুদ্ধে অবৈধভাৱে বিলাতী সুৰা,চুলাই বিক্ৰী কৰা লোকৰ পৰা নিয়মিতভাৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ আছে। ইপিনে, বিভিন্ন লোকক বিভিন্ন গোচৰকে ধৰি বিভিন্ন লোকৰ পৰা ধন দাবী কৰি হাৰাশাস্তি কৰাৰো অভিযোগ আছে দলেৰ বিৰুদ্ধে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like