নিয়মীয়া বাৰ্তা, ১১ মেঃ নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ৪নং বালিতাৰাত আজি পুৱা প্ৰায় ১০ বজাত হোৱা এক ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত এজন যুৱকৰ মৃত্যু হয়। ঘটনাৰ লগে লগে সমগ্ৰ বালিতাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে বালিতাৰা গাঁও নিৱাসী তথা আনন্দ কলিতাৰ আৰু শুচিলা কলিতাৰ যমজ পুত্ৰ অৰূপ কলিতা (২৭)ক সম্পৰ্কীয় খুড়াক তথা গুৱাহাটীৰ ৰাজহ বিভাগৰ কৰ্মচাৰী মথুৰা কলিতা (৫৭)ৰ মাজত থকা সীমাত মাটি পেলোৱাক লৈ কিছুদিন ধৰি কাজিয়া চলি আহিছিল যদিও কাজিয়াই আজি অন্তিম ৰূপ লয়। জানিব পৰা মতে অৰূপ কলিতাই আজি বাৰী বস্তিৰ ভিতৰত ট্ৰেক্টৰে মাটি পেলাই কাম কৰি থকা সময়তে মথুৰা কলিতাই পিছপিনৰ পৰা মাটি খুন্দা লোহাৰ অস্ত্ৰৰে ডিঙি আৰু পিঠিত কোবাই আক্ৰমণ কৰে। যাৰ ফলত অৰূপ কলিতা ঠাইতে বাগৰি পৰে। ততাতৈয়াকৈ পৰিয়ালৰ লোকে অৰূপ কলিতাক নলবাৰী চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে তেওঁৰ মৃত্যু হয়। আনহাতে খবৰ লাভ কৰি ঘটনাস্থলীত ধমধমা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মথুৰা কলিতাক ততালিকে আটক কৰে। ইতিমধ্যে হত্যাকাৰী মথুৰা কলিতাক ঘগ্ৰাপাৰ আৰক্ষীয়ে থানালৈ আনি ঘটনাৰ তদন্ত কৰি আছে।
প্ৰেৰক বীৰেন কলিতা