নিয়মীয়া বাৰ্তা, ১১ মেঃ মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তৰ বিৰুদ্ধে বুধবাৰে আগবন্ধা বেঙ্গলী গাঁৱৰ একাংশ হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজি মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়ত কাৰ্য্যালয়ত সংবাদ মেল সন্মোধন কৰি মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তই তেখেতৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ন্যসাত কৰি এইয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কোৱাৰ লগতে কয় যে যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, গতিকে এনে ভিত্তিহীন অভিযোগ উত্থাপন হোৱাটো স্বাভাৱিক। অন্যহাতে যিসকল হিতাধিকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেখেতসকলে ইতিমধ্যে বিভিন্ন চৰকাৰী আঁচনি লাভ কৰিছে বুলি কোৱাৰ লগতে কয় যে যিসকলে নিজকে বিজেপিৰ কৰ্মী বুলি কৈছে তেওঁলোক প্ৰকৃততে ডলাৰ বগৰীহে বুলি অভিহিত কৰে। এই সংবাদ মেলৰ পাছত প্ৰতিবাদী হিতাধিকাৰীসকলে কি প্ৰতিক্ৰিয়া দিয়ে সেয়া লক্ষ্যনীয় হ’ব।
প্ৰেৰক মানস প্ৰতিম গগৈ