নিয়মীয়া বাৰ্তা, ১৩ মে’ : বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চেনিমাৰী আজাদ মেমোৰিয়েল হাইস্কুলত আজি এক অঘটন সংঘটিত হয়। চেনিমাৰী আজাদ মেমোৰিয়েল হাইস্কুলৰ ছাত্ৰ -ছাত্ৰীৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ। বিদ্যালয়ৰ প্ৰথম শ্ৰেণী চলি থকা অৱস্থাতে ৭গৰাকী ছাত্ৰী অসুস্থ হৈ পৰে ৷ প্ৰথম অৱস্থাত ২ গৰাকী ছাত্ৰী হঠাতে অচেতন হৈ পৰে। এই ঘটনা দেখি পাছত আকৌ পাঁচগৰাকী ছাত্ৰী অচেতন হৈ পৰে। অসুস্থ ছাত্ৰীসকলক লগে লগে ১০৮ সেৱাৰ জৰিয়তেই শিক্ষক আৰু স্থানীয় লোকে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায়। চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও আটাইকেইগৰাকী ছাত্ৰীৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। চিকিৎসক ডাঃ আব্দুল আমিনে এয়া মাছ হিষ্টেৰিয়াৰ লক্ষণ বুলি উল্লেখ কৰিছে ৷ মানসিক চাপ অথবা দুৰ্বলতাত ভুগিলেও এনেকুৱা হ’ব পাৰে বুলি মন্তব্য কৰে চিকিৎসকগৰাকীয়ে ৷ নৱম শ্ৰেণীৰ চাৰিগৰাকী, অষ্টম শ্ৰেণীৰ এগৰাকী আৰু সপ্তম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী অচেতন হৈ পৰিছিল। অসুস্থ ছাত্ৰীসকলক লৈ বিশেষ চিন্তাৰ কাৰণ নাই বুলিও জনাইছে চিকিৎসকগৰাকীয়ে ৷
প্ৰেৰক তফিকুৰ ৰহমান