নিয়মীয়া বাৰ্তা, ১৩ মেঃ সন্দেহযুক্ত নাগৰিকে অবৈধ ভাৱে দখল কৰা ভূমি মুক্ত কৰিবলৈ বদ্ধপৰিকৰ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ। তাৰেই অংশ স্বৰূপে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে চলাইছে উচ্ছেদ অভিযান। শেহতীয়াকৈ জাগীৰোডতো প্ৰশাসনে উচ্ছেদ অভিযান চলালে। সেই অনুসৰি আজি মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত জাগীৰোডৰ শিলভঙাত প্ৰশাসনে ঘৰ-দুৱাৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলায়। দীৰ্ঘদিনৰে পৰা একাংশ লোকে জাগীৰোডৰ পূৰ্বৰ নগাঁও কাগজ কল আৰু বৰ্তমানৰ এআইডিচি ৰ অধীনৰ প্ৰায় ছবিঘা ভূমি বেদখলেৰে ঘৰ-দূৱাৰ নিৰ্মাণৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। উল্লেখযোগ্য যে, প্ৰশাসনে দহদিন পূৰ্বে জাননী দিয়াৰ পাছতো এইসকল বেদখলকাৰীয়ে উক্ত স্থান খালী কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। সেইবাবে প্ৰশাসনে আজি এক বিশাল বাহিনীৰে জেচিবিৰে চলাই এই উচ্ছেদ অভিযান চলায়। আনহাতে এই অঞ্চলত দীৰ্ঘদিন ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ চলি থকাৰো অভিযোগ উত্থাপিত হৈছিল। তেনে পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ এই উচ্ছেদ অভিযানক আদৰণি জনাইছে স্থানীয় সচেতন সমাজে। তাৰ লগতে শিলভাঙাৰ ৰেলবিভাগৰ ভূমিও শীৰ্ঘে উচ্ছেদ চলাই মুকলি কৰিবলৈ ৰাজ্য চৰকাৰ আহ্বান জনায় জাগীৰোডবাসীয়ে।
প্ৰেৰক হৰি প্ৰসাদ মল্লিক