বিশেষ বাৰ্তা, ১৪ মেঃ কৰ্ণাটকৰ বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান প্ৰবীণ ছুডক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ৰ পৰৱৰ্তী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমানৰ চিবিআইৰ মুৰব্বী সুবোধ কুমাৰ জয়ছোৱালৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত ২৫ মে’ত দায়িত্ব ল’ব ছুডে। ডিজিপি ছুড ১৯৮৬ চনৰ বেটচৰ আই পি এছ বিষয়া। মাৰ্চ মাহত কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে ৰাজ্যখনৰ বিজেপি চৰকাৰক সুৰক্ষা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে ডিজিপি প্ৰবীণ ছুড লাইমলাইটলৈ আহে। সেই সময়ত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি শিৱকুমাৰে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি দাবী কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।