বিশেষ বাৰ্তা, ১৫ মেঃ ভাৰতত হিন্দুৰ উত্থানে দেশখনক বিশ্বগুৰুৰ শাৰীলৈ লৈ যোৱাত কোনেও বাধা দি ৰুধিব নোৱাৰে৷ অহা ১০–১৫ বছৰৰ ভিতৰত ভাৰত বিশ্বগুৰু হ’ব৷ অর্থনীতি, ৰাজনীতি, সমাজ, স্বাস্থ্য, শিক্ষা প্রতিটো খণ্ডতে ভাৰত বিশ্বগুৰু হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বতে ভাৰত বিশ্বগুৰু হ’ব৷– এই মন্তব্য অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ হনুমান জয়ন্তী উপলক্ষে তেলেংগানাৰ কৰিম নগৰত আয়োজিত হিন্দু একতা যাত্রা শীর্ষক এখন বিশাল সমাৱেশত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশৰ হিন্দু লোক জাগ্রত হৈছে৷ চন্দ্র–সূর্য থকালৈকে ভাৰতত ৰাষ্ট্রবাদ থাকিব, সনাতন থাকিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আৰু ৫ মাহ পাছতেই তেলেংগানাত ৰাম ৰাজ্য প্রতিষ্ঠা হ’ব৷ তেলেংগানাবাসীয়ে টি আৰ এছৰ পৰা ভি আৰ এছ দল হোৱা কে চি আৰ চৰকাৰক ভি আৰ এছ অর্থাৎ স্বেচ্ছামূলক অৱসৰ দিব৷ তাৰ বাবে তেলেংগানাবাসীয়ে এই ৫টা মাহ সভ্যতা–সংস্কৃতিৰ বাবে কাম কৰিব লাগিব৷ হনুমানক ৰাৱণে যিদৰে কাৰাগাৰত ৰাখিব পৰা নাছিল, সেইদৰে সঞ্জয়জীকো কে চি আৰ চৰকাৰে জে’লত বন্দী কৰি ৰাখিব নোৱাৰে৷ সঞ্জয়জীয়ে তেলেংগানাত ৰাম ৰাজ্য প্রতিষ্ঠা কৰিব৷ তেলেংগানাত আজি যি পৰিৱেশ হৈছে, সেয়া সলনি কৰিব লাগিব৷ তেলেংগানাত হিন্দু সভ্যতা প্রতিষ্ঠা কৰিব লাগিব৷ আজি অসমত প্রতিলিটাৰ ডিজেলৰ দাম ৯৭ টকা৷ কিন্তু, তেলেংগানাত প্রতিলিটাৰ পেট্র’লৰ দাম ১০৬ৰ পৰা ১০৭ টকা৷ অসমত চৰকাৰী কর্মচাৰীয়ে মাহৰ ১ তাৰিখেই দৰমহা পায়৷ তেলেংগানাত চৰকাৰী কর্মচাৰীয়ে মাহৰ ১০ তাৰিখেহে দৰমহা পায়৷ যোৱা দুটা বছৰৰ ভিতৰত অসম চৰকাৰে এক লাখ নিযুক্তি দিয়াৰ পথত অগ্রসৰ হৈছে৷ ইতিমধ্যে ৫০ হাজাৰক নিযুক্তি দিয়া হৈছে আৰু কেইদিনমান পাছতেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত আৰু ৫০ হাজাৰক নিযুক্তি দিয়া হ’ব৷ বর্তমানৰ তেলেংগানা চৰকাৰ ১০ বছৰ শাসনত থাকিল৷ কিন্তু, ৫০ হাজাৰকো চাকৰি দিব নোৱাৰিলে৷ সভ্যতা–সংস্কৃতি ৰক্ষাৰ বাবে তেলেংগানাত কোনো কাম নহ’ল৷ তেলেংগানা চৰকাৰৰ ডাঙৰ ডাঙৰ নেতাসকল দিল্লীলৈ গৈ সুৰা কেলেংকাৰিতহে জড়িত হৈ পৰিল৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে তেওঁ মুখ্যমন্ত্রী হৈয়েই অসমত একেদিনাই ৬০০ মাদ্রাছা বন্ধ কৰি দিছে৷ এই বছৰতো আৰু ৩০০খন মাদ্রাছা বন্ধ কৰিব৷ আনহাতে, কালি কর্ণাটকৰ নির্বাচনী ফলাফল প্রকাশ হোৱাৰ পাছতেই টিভি ষ্টুডি’ত বহি একাংশই হিন্দুৱে ভাৰতত একো কৰিব নোৱাৰে বুলি কৰা মন্তব্যৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে টিভি ষ্টুডি’ত সেইসকল লোকে যিয়েই নকওক, ভাৰতত ৰাষ্ট্রবাদ থাকিবই, সনাতন থাকিবই৷ ভাৰতে হিন্দুক মানে, হিন্দুক সন্মান কৰে৷ সেয়ে ভাৰতত লক্ষ্মী–সৰস্বতী আছে৷ ৰাম, লক্ষ্মী, হনুমান, সৰস্বতী যিসকলে নামানে, তেওঁলোকৰ অৱস্থা কি হৈছে, সেয়া সকলোৱে দেখিছে৷ পাকিস্তানৰ অৱস্থা সকলোৱে দেখিছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ওৱেইছিৰ প্রসংগ উত্থাপন কৰি কয় যে দেশত এতিয়া হিন্দু জাগ্রত হৈছে৷ আগেয়ে ওৱেইছিয়ে ভাবুকি দিওঁতে আমি কিছু ভাবিছিলোঁ৷ কিন্তু এতিয়া ওৱেইছিয়ে ভাবুকি দিলে তেওঁৰ ওপৰত সহানুভূতি ওপজে৷ আজিৰ পৰা ১০ বছৰ আগলৈ কোনেও ভবা নাছিল অযোধ্যাত ৰাম মন্দিৰ হ’ব৷ কিন্তু ভগৱান শ্রীৰামৰ আশীর্বাদত এই বছৰতে ৰাম মন্দিৰ হ’ব৷ জম্মু–কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা আঁতৰিব বুলি কোনেও ভবা নাছিল৷ কিন্তু সেয়া আঁতৰিল৷ দেশত একাংশৰ এতিয়াও চাৰি–পাঁচগৰাকী যুৱতীক বিয়া পতাৰ মন আছে৷ কিন্তু অচিৰেই সেই পৰিৱেশ নোহোৱা হ’ব৷ দেশত ইউনিফর্ম চিভিল কোড আহিব৷ ধর্মনিৰপেক্ষ ৰাষ্ট্র নির্মাণৰ বাবেই ইউনিফর্ম চিভিল কোড অনাৰ সময় আহিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত প্রতিগৰাকী লোককে ‘দ্য কেৰালা ষ্ট’ৰী’ চিনেমাখন চাবলৈ আহ্বান জনাই কয় যে চিনেমাখনত কেনেদৰে হিন্দু ছোৱালীক সন্ত্রাসবাদী বনোৱাৰ চেষ্টা কৰা হৈছে, সেয়া দেখুওৱা হৈছে৷ কিছুমান ধর্মনিৰপেক্ষ ব্যক্তিয়ে চিনেমাখনৰ কাহিনী মিছা বুলি কৈছে৷ কিন্তু অসমত হাজাৰ হাজাৰ ছোৱালী লাভ জেহাদৰ বলি হৈছে৷