নিয়মীয়া বার্তা, ১৫ মেঃ চলিত বর্ষৰ ‘ৰোহিণী মেধি সোঁৱৰণী প্রেৰণা বঁটা–২০২৩’ আগবঢ়োৱা হৈছে ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ উপ–সম্পাদক, জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ চহৰীয়াক৷ দীর্ঘদিন ধৰি সততা, নিষ্ঠা আৰু সাহসিকতাৰে সংবাদসেৱা কৰি অহা বাবে সাংবাদিক চহৰীয়াক অসমৰ আগশাৰীৰ সাহিত্য–সংস্কৃতিমূল অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীয়ে এইবাৰৰ ‘ৰোহিণী মেধি সোঁৱৰণী প্রেৰণা বঁটা–২০২৩’ৰ বাবে মনোনীত কৰিছে বুলি বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি নিপজ্যোতি মেধিয়ে এক বিবৃতিযোগে জানিবলৈ দিছে৷ অসমৰ আগশাৰীৰ সাহিত্য–সংস্কৃতিমূল অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীয়ে প্রতিবছৰে সদৌ অসম সাংবাদিক সন্থা (আজু) আৰু নলবাৰী জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমাজকর্মী, সমাজ সংগঠক তথা গৰিবৰ বন্ধু ৰোহিণী মেধিৰ স্মৃতিত প্রদান কৰি আহিছে ‘ৰোহিণী মেধি সোঁৱৰণী প্রেৰণা বঁটা’৷ অহা ৬ জুনত বিশিষ্ট সাংবাদিক ৰোহিণী মেধিৰ অষ্টম মৃত্যুবার্ষিকীত নলবাৰী কাজিপাৰাত সাংবাদিক চহৰীয়াক এই বঁটাটো প্রদান কৰা হ’ব৷ উল্লেখ্য যে দৰং জিলাৰ মঙলদৈৰ ১নং বেজপাৰাৰ সমাজসেৱক, শিক্ষক প্রয়াত যোগেন্দ্রনাথ চহৰীয়া আৰু শিক্ষয়িত্রী প্রয়াত কুঞ্জলতা চহৰীয়াৰ পুত্র অজিত কুমাৰ চহৰীয়াই দুই দশকৰো অধিক কাল ৰাজ্যৰ সংবাদ ক্ষেত্রখনলৈ অৰিহণা আগবঢ়াই আহিছে৷