নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ বেংকত দাবীদাৰহীন ৩৫ হাজাৰ কোটি টকা : আৰবিআইৰ ‘১০০ দিন ১০০ পে’ আঁচনি

বিশেষ বাৰ্তা, ১৫ মেঃ দেশৰ বেংকসমূহত ৩৫ হাজাৰ কোটি টকা উত্তৰাধিকাৰীহীন (আনক্লেইমড) অৱস্থাত পৰি আছে৷ এই বৃহৎ অংকৰ ধনৰাশিৰ গতি লগাবলৈ এইবাৰ তৎপৰ হৈছে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)৷ ‘বোজা’ পাতল কৰিবলৈ ‘১০০ দিন ১০০ পে’ অভিযান আৰম্ভ কৰিলে আৰবিআয়ে৷ এই সন্দর্ভত দেশৰ সকলো বেংকলৈ জাননী প্রেৰণ কৰিছে চৰকাৰে৷ এই আঁচনি অনুসৰি ১০০ দিনৰ ভিতৰত দেশৰ প্রতিখন জিলাৰ একোটা বেংকত জমা থকা ১০০টা ‘আনক্লেইমড’ একাউণ্ট বিচাৰি উলিওৱা হ’ব৷ ইয়াৰ পাছতে জমা হৈ থকা ধনৰ দাবীদাৰক বিচাৰি উলিওৱাৰ চেষ্টা কৰিব বেংকসমূহে৷ জমাধনৰ একাউণ্টৰ গৰাকীক বিচাৰি নাপালে অন্য ব্যৱস্থা গ্রহণ কৰিব বেংক কর্তৃপক্ষই৷ ১০ বছৰ বা তাতকৈ অধিক সময় ধৰি কোনো বেংক একাউণ্টত লেনদেন নহ’লে সেই একাউণ্ট বা জমা হৈ থকা ধনক ‘আনক্লেইমড ডিপোজিট’ বুলি ধৰি লোৱা হ’ব৷ চলিত বছৰত এনে ধনৰ পৰিমাণ ৩৫ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে৷ ইতিমধ্যে বেংকসমূহে ৰিজার্ভ বেংকলৈ এই ধন স্থানান্তৰিত কৰিছে৷ আৰবিআইৰ সূত্রই সদৰী কৰা অনুসৰি সমগ্র দেশৰ বিভিন্ন বেংকত মুঠ ১০ কোটি ‘আনক্লেইমড’ একাউণ্টত এই ধন জমা হৈ আছে৷ এই ধনৰ দাবীদাৰক বিচাৰি নাপালে কি ব্যৱস্থা গ্রহণ কৰিব সেই সন্দর্ভত অৱশ্যে আৰবিআয়ে কোনো মতামত প্রকাশ কৰা নাই৷

You might also like