নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ কাউৰপাৰাত আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ১৫ মেঃ বাক্সাৰ শালবাৰীত পুণৰ গাঞ্জাবিৰোধী অভিযান শালবাৰী আৰক্ষীৰ। শালবাৰীৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত কাউৰপাৰাত বাবুল হুছেইনৰ বাসগৃহত শালবাৰী মহকুমা আৰক্ষী বিষয়া নীলোৎপল শইকীয়াৰ নেতৃত্বত চলোৱা অভিযানত গাঞ্জাসহ আটক কৰে গাঞ্জা ব্যৱসায়ী বাবুল হুছেইনক। গাঞ্জা ব্যৱসায়ী বাবুল হুছেইনৰ ঘৰৰ পৰা আৰক্ষীয়ে ১০ কিলোগ্ৰাম গাঞ্জা, ৭৩খন ফিল্টাৰ পেপাৰ, ১৪ পেকেটত ৫৬টা কন, ১৫৩ টা চিলিম, ৬০টা বোং চুটাৰ, ৫৬খন গগো ফিল্টাৰ পেপাৰ আৰু এটা ভিভ’ মোবাইল ফোন জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া নীলোৎপল শইকীয়াই। উল্লেখ্য যে কিছুদিন পূৰ্বে শালবাৰী মহকুমা আৰক্ষীয়ে শিমলা, নিমুৱাত অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ, গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছিল কেইবাজনো সৰবৰাহকাৰীক।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like