বিশেষ বাৰ্তা, ১৫ মেঃ কর্ণাটকৰ নির্বাচনত জয়ৰ এদিন পিছতে কর্ণাটকক লৈ প্রচাৰ কৰা ইস্তাহাৰ সন্দর্ভত পঞ্জাৱৰ আদালতৰ চমন জাৰি কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খার্গেলৈ৷ কর্ণাটক বিধানসভা নির্বাচনী ইস্তাহাৰত বজৰং দলক নিষিদ্ধৰ প্রতিশ্রুতি দিয়াৰ বাবেই পঞ্জাৱৰ ছাংগ্রুৰ জিলা আদালতত হিন্দু সুৰক্ষা পৰিষদ বজৰং দল হিন্দে ৰুজু কৰা ১০০ কোটি টকাৰ মানহানি গোচৰত কংগ্রেছৰ সভাপতি খার্গেলৈ চমন জাৰি কৰিছে জিলা আদালতখনে৷ উল্লেখ্য যে কর্ণাটক বিধানসভা নির্বাচনত আৰ এছ এছ পঞ্জীয়নকৃত বিশ্ব হিন্দু পৰিষদৰ যুৱ গোটৰ সৈতে বজৰং দলক তুলনা কৰি পি এফ আইৰ দৰে নিষিদ্ধ কৰা হ’ব বুলি কংগ্রেছে ইস্তাহাৰত প্রকাশ কৰিছিল৷ কংগ্রেছ দলটোৱে বজৰং দলে সংখ্যালঘু আৰু সংখ্যাগুৰু সম্প্রদায়ৰ মাজত ঘৃণা আৰু শত্রুতা সম্প্রসাৰিত কৰি থকা বুলিও প্রচাৰ চলাইছিল৷ সোপন্থী সংগঠন বজৰং দলৰ বিৰুদ্ধে কংগ্রেছৰ নির্বাচনী ইস্তাহাৰ আৰু কংগ্রেছৰ প্রচাৰ অভিযানত বিভিন্ন ধৰণৰ সমালোচনা কৰা হৈছিল৷ নির্বাচনী ইস্তাহাৰ আৰু নির্বাচনী প্রচাৰ অভিযানৰ সমালোচনাই বজৰং দলৰ নীতি আদর্শক আঘাত কৰা বুলি অভিযোগ তুলি ছাংগ্রুৰ জিলা আদালতত বজৰং দলৰ প্রতিষ্ঠাতা হিন্দু সুৰক্ষা পৰিষদে গোচৰ ৰুজু কৰে৷ সেই গোচৰৰ ভিত্তিতেই আজি ছাংগ্রুৰ জিলা আদালতে খার্গেলৈ ১০০ কোটি টকাৰ মানহানি গোচৰত চমন জাৰি কৰিছে৷