নিয়মীয়া বাৰ্তা, ১৫ মেঃ আধুনিক শিক্ষা ব্যৱস্থাই সমাজক পৰনিৰ্ভৰশীল কৰি তুলিছে। বিষয় ভিত্তিক শিক্ষা ব্যৱস্থা বৰ্তমান ভুৱা হিচাপে পৰিণত হৈছে। আজি নামতিৰ শলগুৰি মৌজাৰ কালুগাঁৱৰ সমীপৰ বৰপাত্ৰ দ’ল তিনিআলিত জয়া শিক্ষা ন্যাস’ কালুগাঁৱৰ উদ্যোগত নিউ ভিজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উদ্বোধন কৰি বিশিষ্ট নিৱন্ধকাৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য দিগন্ত বিশ্ব শৰ্মাই এনেদৰে কয় যে মহাঋষি শ্ৰীঅৰবিন্দৰ The brain of india নামৰ কিতাপখনত শিক্ষাক লৈ শিক্ষাৰ লগত যোগৰ সম্পৰ্ক কি ইয়াৰ ওপৰত তত্ব গধুৰ বক্তব্য প্ৰদান কৰে। তেওঁ যোগা আৰু শিক্ষাক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলিও মন্তব্য কৰে।বিষয়ভিত্তিক শিক্ষাই এজন মানুহ পূৰ্ণ প্ৰাপ্ত হৈ নুঠে বুলি অৱগ কৰি জীৱনৰ ব্ৰত সফল হবৰ বাবে মানুহক সামৰ্থ্য,শক্তি আৰু গুণৰ প্ৰয়োজন বুলি মন্তব্য প্ৰকাশ কৰে। জ্ঞান আৰু পূৰ্ণতাৰ সমাহাৰ হলে মন্দাকিনী ধাৰা প্ৰৱাহিত হয় বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য প্ৰদান কৰে।শিক্ষা ব্যৱস্থা কি হোৱা উচিত বুলি প্ৰকাশ কৰি মানুহৰ ভিতৰত থকা অভিব্যক্তিয়েই এজন মানুহৰ জীৱন্ত শিক্ষা হিচাপে শ্ৰীঅৰবিন্দই কৈ যোৱা বুলি বৰ্ণনা কৰে।গীতা আৰু ভাগৱতৰ বিভিন্ন আখ্যান বৰ্ণনাৰে সকলোৰে বোধগম্য হোৱাকৈ শিক্ষা ব্যৱস্থাৰ অতীত আৰু বৰ্তমান সম্পৰ্কে আলোকপাত কৰে। ফিটা কাটি শুভ উদ্বোধন কৰা নিউ ভিজন চেকেণ্ডাৰী স্কুলৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিৱসাগৰৰ উন্নয়ন আয়ুক্ত বিতোপন হাজৰিকা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰকাশ কটকী, নিউ লুক একাডেমীৰ অধ্যক্ষ শ্ৰীমন্ত বৰঠাকুৰে বক্তব্য প্ৰদান কৰে। সভাত মৌজাটোৰ ভালেকেইগৰাকী শিক্ষাবিদক সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু নৱনিযুক্ত শিক্ষকসকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানটোৰ আঁত ধৰে নবীন কবি অমৰজ্যোতি দত্তই। আজিৰ অনুষ্ঠানটিত বৰগীত আৰু লোকগীত পৰিবেশনে আন এক নতুন মাত্ৰা প্ৰদান কৰে।উদ্বোধনী অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে জয়া শিক্ষা ন্যাসৰ সভাপতি অজিত কুমাৰ দত্ত আৰু সম্পাদক অচিন্ত বৰঠাকুৰে সকলোকে ধন্যবাদ জনাইছে।
প্ৰেৰক ৰাতুল শৰ্মা