নিয়মীয়া বাৰ্তা, ১৫ মে’ : প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত এতিয়া বিষয়া-ঠিকাদাৰসকল হৈ পৰিছে উঠিৰজা বহিৰজা। মুখ্যমন্ত্ৰী সমষ্টিৰ দৰে উন্নয়নৰ ধাৰা জিলাখনত অব্যাহত নাথাকিলেও যি দুই-এক উন্নয়নৰ প্ৰকল্প ৰূপায়ন হৈ আছে সেইসমুহো ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ মিতিৰালিৰে প্ৰাক্ কলন উলংঘা কৰি চলিছে বুলি ৰাইজে অভিযোগ কৰিছে। প্ৰাপ্ত অভিযোগ অনুশৰি, মাজুলীৰ অতি গুৰুত্বপূৰ্ন বনগাওঁ-বৰপমুৱা পথৰ বনগাওঁ-পহুমৰা অংশটো নিৰ্মানত ঠিকাদাৰে প্ৰাক্ কলন উলংঘা কৰাৰ ফলত পথটোৰ নিৰ্মান সম্পূৰ্ন হোৱাৰ ছমাহৰ পিছতেই চিৰাল ফাট মেলিছে। প্ৰায় ৬ কি.মি. দৈৰ্ঘৰ পথচোৱা উন্নীতকৰনৰ বাবে চৰকাৰে ১০ কোটি টকা মোকোলাই টি ডি কনষ্ট্ৰাকচন নামৰ কোম্পানীটোক কাম আৱণ্টন দিয়ে। কিন্তু নিৰ্মান আৰম্ভ কৰাৰ পিছৰ পৰা লোকনিৰ্মান বিভাগৰ বিষয়া কৰ্মচাৰীৰ পৰ্যবেক্ষনৰ অভাবত পথচোৱাত ঠিকাদাৰে প্ৰাক্ কলন উলংঘাৰে কাম কৰিবলৈ সুবিধা পায়। বনগাঁৱৰ দিশৰ পৰা কাম সম্পূৰ্ন কৰা পথটোৰ বৰ্তমান বনগাওঁ -পতিয়ৰি গাৱলৈকে অংশটোত ঠায়ে ঠায়ে ব্লেক ট্ৰেপিং ফাটিছে আৰু এৰাইছে । স্থানীয় ৰাইজৰ অভিযোগ অনুশৰি, পথটোৰ নিৰ্মান প্ৰাককলন উলংঘাৰে কৰাৰ বাবে, চেণ্ডগ্ৰেভেল কৰা অবস্থাত প্ৰয়োজনীয়ভাবে ৰুলাৰ নচলোৱাৰ বাবে এতিয়া পথটো সহজেই বেয়া হবলৈ পাইছে। বৰষুনৰ বতৰত পকী অংশৰ খালবোৰত ডোঙা-ডোঙে পানীৰৈ যাতায়তৰ সমস্যাৰ সৃষ্টি কৰে। ৰাইজে জানিবলৈ দিয়া মতে, পথটোৰ নিৰ্মানৰ আৰম্ভনিতে ঠিকাদাৰে পূৰ্বৰ পকী অংশ এৰুৱাই দুই তৰপ চেণ্ডগ্ৰেভেল ঢালি কম্পনযুক্ত ৰুলাৰ উপযুক্তভাবে চলাব লাগিছিল যদিও বিভাগৰ পৰ্যবেক্ষনহীনতাত পথটোত ঠিকাদাৰে পালমাৰি কাম কৰাৰ বাবে পথটোত খাল হবলৈ আৰু ফাটিবলৈ সুবিধা পাইছে। বিষয়টো সন্দৰ্ভত সচেতন ব্যক্তিয়ে লোকনিৰ্মান বিভাগৰ পৰা জানিব বিচৰাত বিভাগটোৰ বিষয়াই পথটোৰ খাল হোৱা পকী অংশসমুহ মেৰামতি কৰা হব বুলি জানিবলৈ দিয়ে আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগে পথটো খাণ্ডি পানী যোগানৰ পাইপ বহুৱাৰ বাবেহে খাল-ডোং আৰু অন্যান্য বিসংগতি হয় বুলি জনায়। বিভাগে পথটোত সংঘটিত বিসংগতি সন্দৰ্ভত এনে উত্তৰ দিওতে ৰাইজে বিষয়টো সহজভাবে গ্ৰহন কৰা নাছিল, কাৰন জনস্বাস্থ্য কাৰীকৰি বিভাগে পথটোৰ এটা ফালতহে নলা বহুৱাবৰ বাবে খাণ্ডিছিল কিন্তু এতিয়া পথটো দুয়ো ফালতেই খালৰ সৃষ্টি হৈছে আৰু ফাটিছে । ইয়াৰোপৰি পথচোৱাৰ নৈশ নিৰ্দেশনাৰ বাবে একেজন ঠিকাদাৰেই ৰিফ্লেক্টৰ বহুৱাইছিল যদিও ৰাতি গাড়ীৰ লাইটৰ পোহৰত সেইবোৰ ৰিফ্লেক্ট নহয়। এই বিষয় সন্দৰ্ভটো লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰৰ কৰ্মচাৰীৰ লগত যোগাযোগ কৰা হৈছিল যদিও বিষয়া আৰু ঠিকাদাৰে বিসংগতি দূৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি পিছত তালৈ পিঠি দিয়ে। এনে পৰিপ্ৰেক্ষিতত ৰাইজে জিলা প্ৰশাসনক পথটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড